/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/ZUBEEN-EFFIGY-BURN-NALBARI.jpg)
ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ জুবিন গাৰ্গৰ বিৰুদ্ধে হিন্দু জাগৰণ মঞ্চ, অসমৰ নলবাৰী জিলা সমিতি সৰৱ হৈ পৰিছে। জুবিন গাৰ্গে ব্ৰাহ্মণ সমাজৰ ওপৰত কৰা মন্তব্যৰ প্ৰতিবাদত জিলা সমিতিৰ তৰফৰ পৰা নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/e3cc82e1-c912-4bd7-9cd6-7a4d317ecaf9-768x1024.jpg)
সংগঠনটোৰ জিলা সভাপতি বিজু দত্ত আৰু সম্পাদক মানস পাটগিৰিৰ নেতৃত্বত এজাহাৰ দাখিল কৰে সংগঠনটোৱে। নলবাৰী বাটাৰ চকত সন্ধিয়া জাগৰণ মঞ্চৰ শতাধিক কৰ্মীৰ উপস্থিতিত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/824af1c9-ba06-4885-8d9d-9b859a16b987-768x1024.jpg)