/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/dce37b5a-2926-4da4-8acc-8b4974cb3153.jpg)
ডিজিটেল সংবাদ, বিহপুৰীয়াঃ কাঞ্চনজংঘাৰ প্ৰচাৰৰ উদ্দেশ্যে লখিমপুৰলৈ অহা জুবিন গাৰ্গ শুকুৰবাৰে সন্ধিয়া উপস্থিত হয় বিহপুৰীয়াস্থিত অসম অন্ধ শিশু বিদ্যালয়ত৷ মাধৱদেৱ বিশ্ববিদ্যালয়ত কাঞ্চনজংঘাৰ প্ৰচাৰ চলাই শিল্পী গৰাকীয়ে বিহপুৰীয়া অন্ধ বিদ্যালয়ত জুবিন ফেন ক্লাবৰ আমন্ত্ৰণক্ৰমে বিদ্যালয়খনত উপস্থিত হয়।
জুবিন গাৰ্গৰ লগতে শিল্পীৰ দলটিক বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে ফুলাম গামোছাৰে আদৰণি জনাই৷ বিদ্যালয়ৰ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী সকলে আপোন শিল্পী গৰাকীক কাষতে পাই উৎফুল্লিত হৈ পৰে৷ মৰমৰ শিল্পী গৰাকীৰ এটি গীটো পৰিৱেশন কৰে দৃষ্টিহীন এগৰাকী ছাত্ৰই।
দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী সকলৰ গীট শুনি আবেগিক হৈ পৰে শিল্পী গৰাকী৷ তেওঁ ছাত্ৰী সকলৰ লগত গীট গায় মতলীয়া হৈ পৰে৷ ইপিনে সাংবাদিকৰ পৰা দীৰ্ঘদিন ধৰি অন্ধ বিদ্যালয়খন অপ্ৰদেশীকৃত হৈ থকাৰ বিষয়ে জানিব পাৰি আশ্বৰ্য প্ৰকাশ কৰে তেওঁ।
জুবিন গাৰ্গে নিজাববীয়াকৈ বিদ্যালয়খনক সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিদ্যালয়খন প্ৰাদেশীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই৷