/asomiyapratidin/media/media_files/2025/05/12/n6k0QaenEmDhtkPbuKUp.jpg)
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনত সম্পূৰ্ণৰূপে বিধ্বস্ত বিৰোধী। উজনি অসমৰ দক্ষিণপাৰৰ ৬ খন জিলা হৈ পৰিল গেৰুৱাময়। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ মুঠ জিলা পৰিষদৰ আসনৰ সংখ্যা ১০০খন।
এই ১০০খন আসনেই বিজেপি আৰু অগপ মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হৈছে। উত্তৰপাৰৰ ৫খন জিলাৰ তথ্য অনুসৰি ৬১খন আসনত জয়ী বিজেপি প্ৰাৰ্থী। ৫খন আসনত জয়ী অগপ প্ৰাৰ্থী।
মাজুলীৰ সৰ্বত্ৰে ফুলিল পদুম ফুল। ৪ খন জিলা পৰিষদ আসনৰ তিনিখনত বিজেপি, এখনত গণশক্তি জয়ী হৈছে। বৰাকৰ উপত্যকাৰ তিনিখন জিলাত মুঠ জিলা পৰিষদৰ সংখ্যা ৪৯ খন। ইয়াৰে ৩০ খন আসনতেই বিজেপিৰ প্ৰাৰ্থীয়ে দখল কৰাটো প্ৰায় নিশ্চিত হৈছে।
ইয়াৰে ১৫ খন আসনত জয়ী হোৱাৰ সম্ভাৱনা কংগ্ৰেছক। ৪ খনত আগবাঢ়িছে নিৰ্দলীয় প্ৰাৰ্থী। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ মুঠ জিলা পৰিষদৰ সংখ্যা ৫১খন। ইয়াৰে ২৯ খনত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী। ৪ খন আসনত বিজয়ী হৈছে মিত্ৰজোঁটৰ অংশীদাৰ অগপ। ১৭খনত কংগ্ৰেছ প্ৰাৰ্থী আৰু এখন আসনত জয়ী হৈছে নিৰ্দলীয়।
নামনিৰ ৭খন জিলাত জিলা পৰিষদৰ মুঠ আসনৰ সংখ্যা হৈছে ৮৮খন। এই পৰ্যন্ত ইয়াৰে ২৯খনত বিজেপি, ৬খনত অগপ প্ৰাৰ্থী জয়ী হৈছে। ১৩খনত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী। এখনত AIUDF, ৫খনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে।
কামৰূপ আৰু কামৰূপ (গ্ৰাম্য)ত মুঠ জিলা পৰিষদৰ আসন আছে ৩০খন। ইয়াৰে দুখন আসনক বাদ দি বাকী সকলোতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈছে।