বিশ্ব পৰিৱেশ দিৱসঃ মহানগৰীত জু-নাৰেঙ্গী ছাত্ৰ সন্ধাৰ গছ পুলি ৰোপন…

বিশ্ব পৰিৱেশ দিৱসঃ মহানগৰীত জু-নাৰেঙ্গী ছাত্ৰ সন্ধাৰ গছ পুলি ৰোপন… শনিবাৰে জু-নাৰেঙ্গী ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস

author-image
asomiyapratidin
New Update
বিশ্ব পৰিৱেশ দিৱসঃ মহানগৰীত জু-নাৰেঙ্গী ছাত্ৰ সন্ধাৰ গছ পুলি ৰোপন…

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে জু-নাৰেঙ্গী ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃহত্তৰ জু-নাৰেঙ্গী অঞ্চলৰ গীতা মন্দিৰ, গীতানগৰ, মঠঘৰীয়াকে ধৰি বহু স্থানত বৃক্ষ ৰোপন কৰা হয়। লগতে এই অঞ্চলৰ কিছু কিছু ব্যক্তক গছ পুলিও বিতৰণ কৰা হয়। পূৱ গুৱাহাটী ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক তথা জু নাৰেঙ্গী ছাত্ৰ সন্থা উপদেষ্টা জিতুমণি ডেকাই বৃক্ষ ৰোপনৰ আগ ভাগ লয়। তদুপৰি সকলোকে আহ্বান কৰে যে- প্ৰত্যেক ব্যক্তিয়ে পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ স্বাৰ্থত একো জোপাকৈ গছপুলি ৰোপন কৰিব লাগে। জু-নাৰেঙ্গী ছাত্ৰ সন্থা ভাৰ প্ৰাপ্ত সভাপতি দিপু পাঠক আৰু সম্পাদক ডিম্বেশ্বৰ দাসৰ লগতে বিষয় ববীয়াই সকলেও বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত গছপুলি ৰোপন কৰি প্ৰতিপালন কৰিম বুলি কয়।

Advertisment

পঢ়িবলৈ ক্লিক কৰকঃ গাভৰু জুৰিৰ পাৰত ৩৫ হেক্টৰ বন ভূমিত বন্যহস্তীৰ খাদ্য উপযোগী গছ পুলি ৰোপন…

কাকডোঙাৰ বিভিন্ন স্থানত দল-সংগঠনৰ বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়নে বিশ্ব পৰিবেশ দিৱস পালন

ইফালে, বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ কাকডোঙাত বিভিন্ন দল সংগঠন তথা ব্যক্তিয়ে বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে। এই উদ্দেশ্যেই আটাছু আঞ্চলিক সমিতি, চুতীয়া ছাত্র সন্থা কাকডোঙা আঞ্চলিক সমিতি গোহাঁইমেৰ ক্ৰীড়া সন্থা, গোহাঁইমেৰ গাওঁ ৰক্ষী বাহিনী আদি সংগঠন সমূহে ভিন্ন ভিন্ন কৈ  পথৰ দাঁতি, ৰাজহুৱা স্থান সমুহত গছ পুলি ৰোপণ কৰে। আনহাতে আটাছু কাকডোঙা আঞ্চলিক সমিতিয়ে গছ পুলি ৰোপণ কৰা উপৰিও চোমণি আৰক্ষী চকীৰ বিষয়া, আৰক্ষী জোৱানৰ লগতে চোমণি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া, চিকিৎসা কৰ্মী সকলৰ মাজত গছ পুলি বিতৰণ কৰাৰ লগতে একো খনকৈ গামোচাৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।