গাভৰু জুৰিৰ পাৰত ৩৫ হেক্টৰ বন ভূমিত বন্যহস্তীৰ খাদ্য উপযোগী গছ পুলি ৰোপন…

গাভৰু জুৰিৰ পাৰত ৩৫ হেক্টৰ বন ভূমিত বন্যহস্তীৰ খাদ্য উপযোগী গছ পুলি ৰোপন…

ডিজিটেল সংবাদ, পুৰণিগুদাম: নগাঁও জিলা বন সংমণ্ডল কাৰ্যালয়ৰ এলেকাধীন কঠিয়াতলি আঞ্চলিক বন বিষয়া কাৰ্যালয় আৰু কন্দলি খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ গাভৰু জুৰিৰ পাৰত শনিবাৰে বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৩৫ হেক্টৰ বন ভূমিত হাতীৰ উপযোগী গছপুলি ৰোপন কৰা হয়। দুবছৰৰ ভিতৰত মুঠ ৬৫০ হেক্টৰ বন ভূমিত হাতীৰ উপযোগী গছপুলি ৰোপনৰ কাৰ্যসূচী হাতত লোৱা নগাঁও বন বিভাগৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

নগাঁও জিলা সংমণ্ডল বন বিষয়া বচনথম বিয়ে আঁত ধৰা এই কাৰ্যসূচীত নগাঁও সদৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামী, শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডল আৰু কঠিয়াতলি আঞ্চলিক বন বিষয়া দুলাল বৰদলৈ উপস্থিত থাকি কাৰ্যসূচী সুকলমে পৰিচালনা কৰে।কন্দলি , বামুনীকে ধৰি আশে পাশে থকা বহু অঞ্চলৰ গাঁওবুঢ়া, গাঁও পঞ্চায়তৰ সভাতিকে ধৰি বহু স্থানীয় লোকে এই বৃক্ষ ৰোপন কাৰ্যসূচী অংশগ্ৰহণ কৰি সুচাৰু ৰূপে পৰিচালনা কৰে। উল্লেখ্য যে যোৱা ১৩ মে' তাৰিখে কন্দলিৰ সমীপৱৰ্তী তপতজুৰি এলেকাত ব্ৰজপাতৰ ফলত ১৮ টাকৈ বন্যহস্তীয়ে কৰুণ মৃত্যুক সাৱটি লব লগা হয়।

বিশেষকৈ খাদ্যৰ অভাৱত বনাঞ্চলত থকা বন্যহস্তীয়ে জনাঞ্চলত প্ৰবেশ কৰি উপদ্ৰৱ চলোৱাৰ বাবে দিনক দিনে হাতী মানুহৰ সংঘাট বৃদ্ধি পাইছে। এনে ধৰণৰ সংঘাত ৰোধ কৰাৰ বাবে হাতীৰ খাদ্যৰ উপযোগী গছপুলি ৰোপনৰ কাৰ্যসূচী এক ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে। শনিবাৰৰ এই কাৰ্যসূচীত নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ,তিৱা কাউঞ্চিলৰ সভাপতি মদন বৰদলৈকে ধৰি বন বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া ,সমাজকৰ্মী স্থানীয় ৰাইজ উপস্থিত থাকি একোটাকৈ গছপুলি ৰোপন কৰি কাৰ্যসূচী সফল কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in