শিশু উদ্যানত ৰীল বনোৱাক কেন্দ্ৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট...

শিশু উদ্যানত ৰীল বনোৱাক কেন্দ্ৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট...

ডিজিটেল সংবাদ, চিৰাং: শিশু উদ্যানত যুৱতীৰ সৈতে ৰীল বনাবলৈ গৈ ৰাইজৰ হাতত প্ৰহৃত হ'ল এদল যুৱক । এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ বাসুগাঁও চহৰ স্থিত সুন্দৰবন ৰিৰ্ছট শিশু উদ্যানত।

জানিব পৰা মতে বৃহস্পতিবাৰৰ দিনা বিয়লি দুই বজাত বাসুগাঁও থানাৰ অন্তৰ্গত খাটালপাৰাৰ এগৰাকী ২০ বছৰীয়া যুৱতীয়ে এজন যুৱকৰ সৈতে শিশু উদ্যানত প্ৰৱেশ কৰি কেমেৰাৰে ৰীল বনাই আছিল । ক্ষন্তেক পিছতে ৭/৮ জনীয়া আৰু এটা যুৱকৰ দল আহি ৰীল বনাই থকা যুৱক আৰু যুৱতীগৰাকীৰ দলত যোগদান কৰে।

অভিযোগ অনুসৰি সেই মুহূৰ্তত উদ্যানত খেলি থকা শিশু আৰু অন্যান্য লোকৰ সন্মুখতে অশ্লীল ভঙ্গিমাৰে ৰীলৰ শ্বটিং কৰি থকা দেখি শিশু উদ্যান কৰ্তৃপক্ষই তেওঁলোকক এনেধৰণৰ ভিডিঅ' উদ্যানৰ ভিতৰত শ্বটিঙত বাধা প্ৰদান কৰি অন্য ঠাইলৈ যোৱাৰ পৰামৰ্শ দিয়ে । তাৰ পিছত যুৱকৰ দলটো তাৰ পৰা কিছুদূৰত আতঁৰি আহি উদ্যানৰ প্ৰৱেশদ্বাৰৰ থকা মহিলা কৰ্মীসকলৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হয় । লগতে যুৱকৰ দলটোৱে কয় যে, "আমি টিকট কাটি উদ্যানত প্ৰৱেশ কৰিছো, উদ্যানত আমাৰ যি ইচ্ছা তাকেই কৰিম" বুলি কৈ পুনৰ ৰীল শ্বটিং আৰম্ভ কৰে ।

এইবাৰ যুৱকৰ দলটোয়ে চুটি পোছাক পিন্ধি যুৱতী গৰাকীৰ শৰীৰ প্ৰদৰ্শন কৰি অশ্লীল ভঙ্গিমাত অভিনয় কৰিবলৈ কোৱাত যুৱতীগৰাকীয়ে কিছু আপত্তি কৰাত যুৱকৰ দলটোয়ে যুৱতীগৰাকীক তেওঁলোকে বিচৰা ধৰণে শৰীৰ প্ৰদৰ্শন কৰিবলৈ হেঁচা প্ৰয়োগ কৰবলৈ ধৰে। তাকে দেখি শিশু উদ্যানত উপস্থিত থকা একাংশ লোকে যুৱকৰ দলটোৰ লগতে যুৱতী গৰাকীৰ ওচৰত আহি পৰিচয় জানিব বিচৰাত প্ৰথমাৱস্থাত যুৱতী গৰাকীয়ে নিজৰ পৰিচয় দিব বিচৰা নাছিল ইয়াকে লৈ উদ্যানৰ ভিতৰচৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ।

তাৰ মাজতেই উদ্যানত কৰ্মৰত এজন শ্ৰমিকে কিশোৰীগৰাকীক চিনাক্ত কৰাৰ লগতে বাকী কেইজনকো চিনাক্ত কৰে । ইয়াৰ মাজতেই খবৰ বিয়পি পৰে এগৰাকী হিন্দু নাবালিকা তথা কিশোৰীক লৈ মুছলমান সম্প্ৰদায়ৰ এটা যুৱকৰ দলে শিশু উদ্যানত অশ্লীল ৰীল বনাই আছে । খবৰ লাভ কৰি মুহুৰ্তৰ ভিতৰতে উদ্যানৰ ভিতৰচৰাত অন্যান্য যুৱকৰ দল আহি উপস্থিত হয় আৰু কেমেৰা লৈ প্ৰৱেশ কৰা যুৱক জনক পৰিচয় জানিব বিচৰাত দুয়োপক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় ।

একাংশ উত্তেজিত যুৱকে ৰীল বনোৱা দলৰ সদস্যক শাৰীৰিক ভাৱে আক্ৰমণ কৰে । পৰিস্থিতি অধিক উত্তপ্ত হোৱা দেখি উদ্যান কতৃপক্ষই বাসুগাঁও আৰক্ষী থানাত খবৰ দিয়ে ।

খবৰ লাভ কৰি আৰক্ষী লোক শিশু উদ্যানত আহি উপস্থিত হৈ পৰিস্থিতি অধিক অৱনমিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰথমে কেমেৰাটো জব্দ কৰে । লগতে ৰীল বনোৱা যুৱকৰ দলটোৰ লগতে যুৱতী গৰাকীকো থানালৈ লৈ যায় ।

ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি বাসুগাঁও থানাৰ সন্মুখত দুয়োপক্ষৰ লোক উপস্থিত হৈ ভীৰ কৰা পৰিলক্ষিত হয় । বাতৰি যুগুত কৰা পৰ্যন্ত আৰক্ষীয়ে আটক যুৱক কেইজনৰ লগতে যুৱতী গৰাকীক সোধ-পোছ চলাই আছে ।

শিশু উদ্যানত ৰীল বনোৱাক কেন্দ্ৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট...
'সাহিত্য সভা'ৰ উদ্যোগত সাহিত্যচাৰ্য মহিম বৰাৰ ৯৯ সংখ্যক ওপজা দিন উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in