/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/af891bef-f868-4f9d-af22-6bd256407356/youth_leader.jpg)
ডিজিটেল ডেস্ক : সততেই যুৱ সমাজৰ হকে মাত মাতি অহা যুৱ সংগঠন সমূহৰ মাজতেই ধৰা পৰিল কেৰোণ । অসমৰ এটি অন্যতম যুৱ ছাত্ৰ সংগঠনৰ চৰাইদেউ জিলাৰ সোনাৰিৰ সাধাৰণ সম্পাদক গৰাকীয়েই গ্ৰেপ্তাৰ হ'ল নিজৰেই সম্পৰ্কীয় নাবালিকা এগৰাকীক যৌন আতিশয্য চলাই ।
উল্লেখ্য যে, শ্বাজু বৰা নামৰ এই গৰাকী ছাত্ৰ নেতাক সোনাৰি আৰক্ষীয়ে ইতিমধ্যে পকছো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি তদন্তৰ বাবে প্ৰেৰণ কৰিছে হাজোতলৈ ।
এতিয়া প্ৰশ্ন হয়, শিক্ষাৰ্থী তথা যুৱ সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে মাত মাতি অহা এই সংগঠন সমূহৰ সৈতে জড়িত নেতা সকলে ক্ষমতাৰ লালসাত বন্দী হৈ পাহৰি পেলাই নেকি কাণ্ড-জ্ঞান ? আনহাতে যদি পূৰ্বৰে পৰাই এই সকল লোক এনে ধৰণৰ অপৰাধমূলক ঘটনাৰ সৈতে জড়িত আছিল তেন্তে কেৱল ক্ষমতা দখলৰ আশাতেই অন্তৰ্ভুক্ত কৰোৱা হেছিল নেকি দলত ?
এই ক্ষেত্ৰত আটাইতকৈ জ্বলন্ত উদাহৰণ হৈছে মহাবিদ্যালয়, বিশ্ববিদ্যালয় সমূহ । এনে বহু শৈক্ষিক প্ৰতিষ্ঠান সমূহৰ ছাত্ৰ একতা সভাৰ সদস্য সকলে ক্ষমতা লাভৰ পাছতেই অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ উদাহৰণ শেহতীয়াকৈ সম্প্ৰচাৰ হৈয়ে আছে সংবাদ মাধ্যমত । দল সমূহেও কেৱল জনপ্ৰিয়তাৰ খাতিৰতেই ছাত্ৰ একতা সভা দখল কৰাৰ নামত অন্তৰ্ভুক্ত কৰি আহিছে এনে উদণ্ড ছাত্ৰ সকলক ।
আৰু পঢ়ক : গোলাঘাটৰ অভয়জানত লোমহৰ্ষক হত্যাকাণ্ড