/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b0d203cd-a83e-4643-9a5c-ae0698cd47e1/kaushik_baruah.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : মাজনিশা জালুকবাৰীত সংঘটিত পথ দুৰ্ঘটনাটিত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৭ জনকৈ সম্ভাৱনাময় যুৱকে । সেই যুৱকসকলৰ ভিতৰত এগৰাকী আছিল মঙলদৈৰ কৌশিক কুমাৰ বৰুৱা ।
নিহত ছাত্ৰ জন মঙলদৈ, জ্যোতিনগৰৰ মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ৰাজেন্দ্ৰ বৰুৱাৰ নাতি ভৱজ্যোতি বৰুৱা আৰু ৰূপালী বৰুৱাৰ পুত্ৰ কৌশিক কুমাৰ বৰুৱা। কৌশিক গুৱাহাটী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল । কৌশিকৰ লগত নিহত আন ৬গৰাকীৰ ঘৰ শিৱসাগৰ, মাজুলী, ডিব্ৰুগড়, নগাঁও আৰু গুৱাহাটীৰ বুলি জানিব পৰা গৈছে।
এই খবৰ লাভ কৰাৰ পিছতেই মঙলদৈত শোকৰ ছাঁ পৰে।
Also Read: মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ৭ জনকৈ যুৱকে