/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-20-at-10.34.07-PM.jpeg)
ডিজিটেল সংবাদ , নগাঁও : মাদক নিৰাময় কেন্দ্ৰত এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত নগাঁও ৷ হয়বৰগাঁও টাউন আৰক্ষী চকীৰ অন্তৰ্গত তেলিয়াগাঁও সংঘটিত হৈছে এই ঘটনা ৷ মৃত্যুক সাৱতি লোৱা ছাত্ৰ জনৰ নাম হৈছে মোবাৰক হুছেইন ৷
চিলঙনি মোবাৰক হুছেইনৰ মৃত্যু ঘটনাৰ পিছত বুধবাৰে বিয়লিৰ পৰা স্থানীয় লোকে হয়বৰগাঁও টাউন আৰক্ষী চকী ঘেৰাও কৰি ৰাখিছে ৷ স্থানীয় লোকসকলৰ অভিযোগ তেলিয়াগাঁও স্থিত মাদক নিৰাময় কেন্দ্ৰৰ পৰিচালকে অত্যাচাৰ কৰি হত্যা কৰিছে মোবাৰক হুছেইনক ৷
জানিব পৰা মতে ৮ এপ্ৰিলত তেলিয়াগাঁৱৰ ফেণ্ডছ নামৰ মাদক দ্ৰব্য নিৰাময় কেন্দ্ৰটোত নিচাসক্ত মোবাৰকৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে ভৰ্তি কৰোৱাইছিল ৷ বুধবাৰে পুৱা দহমান বজাত মোবাৰকৰ মৃত্যু হোৱা বুলি পৰিয়ালক কেন্দ্ৰৰ পৰা জনোৱা হৈছিল ৷ পৰিয়ালে মৃতদেহটি মৰনোত্তৰ পৰীক্ষাৰ পিছত চমজি লয় চিলঙনিৰ গৃহলৈ লৈ যায় ৷
কিন্তু নীতি নিয়মৰ মাজেৰে জানাজা সম্পন্ন কৰিবলৈ লৈ চকু কপালত উঠে পৰিয়াল আৰু স্থানীয় লোকৰ ৷ কিয়নো দেহত আছিল আঘাতৰ চিন ৷ লগে লগে স্থানীয় লোক সমবেত হৈ হয়বৰগাঁও টাউন আৰক্ষী চকীত মোবাৰকৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে কেন্দ্ৰৰ পৰিচালকক গ্ৰেপ্তাৰৰ দাবী তুলে ৷ উত্তেজিত জনতাই নিশা পৰ্যন্ত আৰক্ষী চকীটো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
আৰু পঢ়ক: সাৱধান! ভোট পাবলৈ হ'লে ভাষা এৰিব লাগিব…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us