কামপুৰ 'অৰণ্য'ধাবাত গ্ৰাহক যুৱকক নিৰ্মম প্ৰহাৰ, স্বত্বাধীকাৰীক আটকৰ দাবী...

কামপুৰ চাপৰমুখ পথৰ নাৰিকলিতস্থিত 'অৰণ্য' ধাবাত এজন যুৱকক নিৰ্মম ভাবে প্ৰহাৰ ঘটনা সংঘটিত হৈছে । এই ঘটনাৰ ৪৮ ঘন্টাৰ পিছতো ধাবাখনৰ স্বত্বাধিকাৰী জনক আৰক্ষীয়ে আটক কৰিব নোৱাৰাৰ ঘটনাই কামপুৰ অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে
কামপুৰ থানা
কামপুৰ থানা

ডিজিটেল ডেস্কঃ কামপুৰ চাপৰমুখ পথৰ নাৰিকলিতস্থিত 'অৰণ্য' ধাবাত এজন যুৱকক নিৰ্মম ভাবে প্ৰহাৰ ঘটনা সংঘটিত হৈছে । এই ঘটনাৰ ৪৮ ঘন্টাৰ পিছতো ধাবাখনৰ স্বত্বাধিকাৰী জনক আৰক্ষীয়ে আটক কৰিব নোৱাৰাৰ ঘটনাই কামপুৰ অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে যোৱা ২ মেৰ নিশা 'অৰণ্য' ধাবাখনৰ স্বত্বাধিকাৰী জিতু লস্কৰ নামৰ লোকজনে ধাবাৰ কৰ্মচাৰীক লগত লৈ কামপুৰ ডেকাগাৱঁৰ যুৱক ভাস্কৰ কলিতাক নিৰ্মমভাবে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

উক্ত নিশা ভাস্কৰে বন্ধুৰ সৈতে নিশা ধাবাখনলৈ গৈছিল । ধাবাত বস্তুৰ দামক লৈ তৰ্ক-বিতৰ্ক হৈছিল স্বত্বাধিকাৰী জিতু লস্কৰৰ সৈতে ।

তাৰ পিছত ধাবাৰ কৰ্মচাৰীক লগত লৈ লস্কৰে গ্ৰাহক ভাস্কৰ কলিতাৰ লগতে আনজন যুৱকক কোঠাৰ ভিতৰত সুমুৱাই মাৰপিট কৰে । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিছিল ভাস্কৰৰ বন্ধু জনে ।

থানা ঘেৰাও হুংকাৰ
থানা ঘেৰাও হুংকাৰ

পাছত পৰিয়ালৰ লোকে নিশাই ভাস্কৰ কলিতাক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । এই ঘটনাৰ পিছতে ভাস্কৰৰ পিতৃ শশধৰ কলিতাই 'অৰণ্য' ধাবাৰ স্বত্বাধিকাৰী জিতু লস্কৰৰ বিৰুদ্ধে কামপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে ঘটনাৰ ৪৮ ঘন্টাৰ পিছতো অভিযুক্তক আৰক্ষীয়ে আটক কৰিব নোৱাৰাত পৰিয়ালবৰ্গৰ লগতে গাওঁখনৰ ৰাইজ ক্ষুব্ধ হৈ পৰিছে । ইতিমধ্যে 'অৰণ্য' ধাবাৰ স্বত্বাধিকাৰী জিতু লস্কৰক শীঘ্ৰে আটক কৰি শাস্তি প্ৰদান কৰিবৰ বাবে ডেকাগাঁওখনৰ পুৰুষ মহিলাই কামপুৰ থানাত উপস্থিত হৈ দাবী জনাইছে ।

শিক্ষিত যুৱকজনক নিৰ্মভাবে প্ৰহাৰ কৰা কাৰ্যক সহজভাৱে লব ফৰা নাই গাঁওখনৰ ৰাইজে।

ৰাইজে এই বুলি মন্তব্য কৰে যে ভাস্কৰে যদি কিবা অপৰাধ কৰিছিল, আৰক্ষীক কিয় খবৰ নিদিলে, মৰেল পুলিচগিৰি প্ৰদৰ্শন কৰাটো দুৰ্ভাগ্যজনক । ৰাইজে জিতু লস্কৰক আটক কৰিব নোৱাৰিলে থানা ঘেৰাও প্ৰতিবাদী কাৰ্যসূচী লোৱা হব বুলি হুংকাৰ প্ৰদান কৰিছে ।

কামপুৰ থানা
মণিপুৰৰ অশান্তিৰ জুই বিয়পিছে মেঘালয়লৈ, গ্ৰেপ্তাৰ ১৬ জনক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in