/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ead1ff7f-38fd-4b45-b415-a87043f9cfbe/book.jpg)
ডিজিটেল ডেস্কঃ অসমীয়া কবিতাক লৈ বিভিন্ন আলোচনা চলি থকাৰ মাজতে ''অসমীয়া প্ৰতিদিন ডিজিটেলে'' আধুনিক অসমীয়া কবিতাক লৈ বিগত কিছু মাহ ধৰি চলাই আহিছিল এক সম্পৰীক্ষা। সেই সম্পৰীক্ষাৰ মাজতেই শতাধিক কবিতাৰ মাজৰ পৰা নিৰ্বাচিত মুঠ ৮৬ টা কবিতাৰে প্ৰকাশ কৰা 'ইউ কেন: ইউক্ৰেইন' শীৰ্ষক কাব্য সংকলনখনি আজি উন্মোচন কৰা হয়।
প্ৰখ্যাত সাহিত্যিক য়েছে দৰজে ঠংছিয়ে উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত কেন্দ্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাব্যসংকলনখনি উন্মোচন কৰে। এই উদ্দেশ্যে ডাঃ অঞ্জন জ্যোতি চৌধুৰীয়ে কৰা সুধাকণ্ঠৰ এক কবিতা আবৃত্তিৰে আৰম্ভ হোৱা অনুষ্ঠানত সন্মানিত অতিথিৰ আসন গ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া আৰু 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5a810149-7625-44cb-8277-fa32d5db0163/WhatsApp_Image_2023_01_05_at_5_24_16_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/07e5850d-a519-4694-a884-dda9997660b0/WhatsApp_Image_2023_01_05_at_5_24_17_PM.jpeg)
আনহাতে অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট আইনজীৱি অধ্যাপিকা কুন্তলা ডেকা, অধ্যাপক ড০ অৱনী ভাগৱতী, প্ৰাক্তন উপাচাৰ্য ড০ দীপক শৰ্মা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, অসমবাণীৰ সম্পাদক দিলীপ চন্দন, প্ৰবীণ সাংবাদিক হাইদৰ হুছেইন, বিশিষ্ট সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰী, অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, বিশিষ্ট কবি গিৰেণ গোপ, কবি প্ৰণৱ কুমাৰ বৰ্মন, কবি তথা আৰক্ষী বিষয়া নন্দ সিং বৰকোলা, এসময়ৰ সুধাকণ্ঠৰ সহযোগী কমল কটকী, লাচিত বৰ্মন, বিশিষ্ট সাহিত্যিক, সাংবাদিক অংকুৰ ডেকা, নিয়মীয়া বাৰ্তাৰ কাৰ্যবাহী সম্পাদক অমল দাস, সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, নন্দিনীৰ সম্পাদক মাইনী মহন্ত, নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলী, মুবিন ৰাভা, লিখক, অধ্যাপক ড০ সুশান্ত কুমাৰ কাশ্যপ, জ্যেষ্ঠ সাংবাদিক ৰণেন গোস্বামী, অদীপ ফুকন , অসম লেখিকা সমাজৰ সভানেত্ৰী ড০ পদুমী গগৈ, বৰ্ণালী দত্ত বৰা, কবি ৰুদ্ৰ সিংহ মটক, অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনীয় বিষয়া থানেশ্বৰ মালাকাৰ, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক সঞ্জীৱ ফুকন, জ্যেষ্ঠ সহকাৰী সম্পাদক মানসী বায়ন, অবাক প্ৰকাশনৰ স্বত্বাধিকাৰ ভাস্কৰ বৰ্মন, লিখক প্ৰাঞ্জল মজুমদাৰ, নাট্যকাৰ, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মা, অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক মনোজ আগস্তি, হেমন্ত ভাগৱতী, কবি মহেশ পাৰিক, শিক্ষক সমাজ কৰ্মী আজাদ উচমান গণি আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f044f75a-23df-4a48-815d-623f136dd49b/IMG_20230105_115723566_HDR.jpg)
অনুষ্ঠানত কাব্যসংকলনখনৰ উন্মোচকৰ ভাষণত য়েছে দৰজে ঠংছিয়ে সকলোকে ইংৰাজী নতুন বছৰৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনায় কয় যে, অসমলৈ আহিবলৈ পালে মই ভাল পাওঁ। কাৰণ অসমলৈ নামি আহিলে মই গোন্ধ পাও কবিতাৰ, গোন্ধ পাও সাহিত্যৰ, গোন্ধ পাওঁ গীত-মাতৰ, গোন্ধ পাওঁ মানুহবোৰৰ উৎসাহ আনন্দ আৰু মানুহৰ সেৱা ভাবৰ।
গীত-মাতৰ গোন্ধ অৱশ্যে অৰুণাচলত পাওঁ, কিন্তু অৰুণাচলত কবিতা, সাহিত্যৰ গোন্ধ পোৱা নাযায়। এতিয়া অসমত সাহিত্যৰ উৎসৱ, গ্ৰন্থ মেলা চাৰিওফালে চলি আছে। মানুহবোৰ কবিতা, গল্প, উপন্যাসক লৈ, সাহিত্যকলৈ ব্যস্ত হৈ আছে।
কিছু দিন পূৰ্বে বিভিন্নজনক লগ ধৰিবলৈ মই অসমৰ চুকে কোণে যাবলগীয়া হৈছিল। সেই সময়ত মই বহু নতুন কথা শিকিছিলো। দেখা পাইছিলো মানুহবোৰ ক'ৰবাত নহয় ক'ৰবাত ব্যস্ত হৈ আছে। কোনোবাই যদি কবি সন্মিলন পাতিছে, ক'ৰবাত আকৌ সাহিত্যৰ সভা আন ক'ৰবাত ধৰ্ম সভা হৈ আছে।
তেতিয়াই মই গম পাইছিলো অসমত সাহিত্যৰ কিমান জীপাল পৰিৱেশ। এই পৰিৱেশ দেখি ভাল লাগিছিল। তেনেবোৰ সাহিত্য, নাট্য সন্মিলনত ময়ো দুই-এষাৰ কথা কোৱাৰ সুযোগ পাইছিলো। অৰুণাচলত নাট্য আন্দোলন একেবাৰে নায়েই। সাহিত্যৰ পৰিৱেশো একেবাৰে নাই।
২০ বছৰ আগতে সাহিত্য বস্তুটো কি, খাইনে পিন্ধে গমেই পোৱা নাছিল। অৰুণাচলত সাহিত্য চৰ্চা মুঠেই হোৱা নাছিল। এতিয়া সাহিত্য চৰ্চাৰ পৰিৱেশে গা কৰি উঠিছে। কবিতাৰ সৃষ্টি আৰম্ভ হৈছে। সাহিত্য সৃষ্টিত অৰুণাচলক অসমে বাট দেখুৱাইছে।
অৰুণাচালত এসময়ত অসমীয়া ভাষাত সাহিত্য চৰ্চা হৈছিল। এতিয়া তাত হিন্দী, ইংৰাজী আৰু স্থানীয় ভাষাত সাহিত্য সৃষ্টি হ'বলৈ আৰম্ভ কৰিছে। তাৰ মাজতে আমি অসমীয়া ভাষাক অৰুণাচলত জীয়াই ৰাখিবলৈ চেষ্টা কৰি আছো।
যিসকলে এতিয়াও অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি আছে তেওঁলোকক বিচাৰি উলিয়াইছো। অৰুণাচল প্ৰদেশ লিটাৰেৰী চ'ছাইটিৰ জৰিয়তে এজন কবিৰ কবিতা প্ৰকাশ কৰিবলৈ পদক্ষেপ হাতত লৈছে। এনেদৰে অৰুণাচলত অসমীয়া ভাষা সাহিত্য জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰি আছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/018b7ae5-06c9-4708-ba82-541eeb4d4588/WhatsApp_Image_2023_01_05_at_5_24_22_PM.jpeg)
'ইউ কেন: ইউক্ৰেইন' সন্দৰ্ভত তেওঁ কয়, কাব্য সংকলনখনিৰ নামটো দেখি এইখন ইংৰাজী ভাষাৰ কবিতা পুথি হ'ব বুলি ভাবিছিলো। কালিহে দেখিলে এইখন অসমীয়া ভাষাৰ কবিতা পুথি। কবিতা পুথিখনত মাত্ৰ এটা কবিতা আছে 'ইউ কেন ইউক্ৰেইন'। কবিতাটোত মহাশক্তিশালী ৰাছিয়াৰ বিৰুদ্ধে যোৱা এটা বছৰে জেলনস্কিয়ে সাহসেৰে যুদ্ধ কৰি থকাৰ বাবে প্ৰশংসা কৰা হৈছে।
পুথিখনত কবিতা নিলিখা মানুহৰো কবিতা দেখি ভাল লাগিছে। হীৰেন গোহাঁই ছাৰে কবিতা লিখে বুলি কেতিয়াও জনা নাছিলো। তেওঁ কবিতা লিখে বুলি ভবাই নাছিলো। মনোজ গোস্বামীয়ে কবিতা লিখে বুলি জনা নাছিলো। অনুৰাধা বাইদেউৰ কবিতা পঢ়া নাছিলো এইখন গ্ৰন্থত পঢ়িলে। যিসকল কবিৰ নাম নাজানো তেওঁলোকৰ কবিতা পঢ়িলো।
বিশিষ্ট সাহিত্যিকগৰাকীয়ে ডিজিটেল যুগত কিতাপৰ মৃত্যু হ'ব বুলি চলি থকা চৰ্চাৰ মাজতে ডিজিটেল মাধ্যমে সাহিত্যক এক নতুন গতিপথ দিছে বুলি উল্লেখ কৰি অসমীয়া ভাষা ডিজিটেল মাধ্যমত জীয়াই থাকিব বুলি উল্লেখ কৰে।
তেওঁ কয়, ডিজিটেলক বাদ দি ভাষা সাহিত্য জীয়াই নাথাকে। ডিজিটেলে মাধ্যমেই ভাষা সাহিত্যিক জীয়াই ৰাখিব। ভাষণ প্ৰসংগত তেওঁ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই পদক্ষেপৰ বাবে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু মৃদুল কুমাৰ সন্দিকৈক ধন্যবাদ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0ca5fb73-6632-4c4c-ae0c-ddf718a3330a/WhatsApp_Image_2023_01_05_at_5_53_45_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c15e037d-4762-4d82-b551-db03b16e5d43/WhatsApp_Image_2023_01_05_at_5_53_44_PM.jpeg)
ইফালে সন্মানীয় অতিথিৰ আসনৰ পৰা অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই কয়- বহু সময়ত ডিজিটেল মাধ্যমৰ সাহিত্যক গণিব পৰা নাযায়। অসমীয়া প্ৰতিদিন ডিজিটেলে এই সাহিত্যক কিতাপৰ ৰূপ দিয়াত এই সমস্যা দূৰ হ'ব। কাব্য সংকলনখনত ইউক্ৰেইন নামটো দিয়াৰ বাবে ভাল লাগিছে। ইয়াৰ জৰিয়তে বিশ্বত হোৱা ঘটনাৰাজিৰ সৈতে যে আমি সংপৃক্ত হৈ আছো তাৰেই এটা ইংগিত।
আমি আমাৰ গাঁৱত, লেখাপানীত কি হৈ আছে তাৰ কথাই চিন্তাই কৰা নাই, আমি লণ্ডনত আজি কি হৈ আছে তাৰো খবৰ ৰাখিছো। এইধৰণৰ কথাবোৰ অসমীয়া ভাষা, সাহিত্যৰ বাবেই নহয় অসমীয়া জাতীয় জীৱনৰ বাবেও বৰ গুৰুত্বপূৰ্ণ। মই ভাল পাইছো নতুন প্ৰজন্মই আমাৰ ভাষা, সাহিত্যলৈ নতুন সম্পৰীক্ষা আনিবলৈ চেষ্টা কৰিছে। বহু সময়ত আমাৰ নিচিনা পুৰণা মানুহখিনিৰ এইবোৰ দলিয়াই পেলোৱাৰ যি প্ৰৱণতা তাক এৰাই চলিব লাগে।
'ইউ কেন: ইউক্ৰেইন' কাব্য সংকলনখনৰ সম্পৰ্কত ক'বলৈ গৈ তেওঁ প্ৰসংগক্ৰমে কয়, তেওঁ পুনৰ কয়, যুদ্ধ ক্ষেত্ৰত নিৰৱছিন্ন ভাৱে বোমা পৰিছে, মৰ্টাৰ পৰিছে, ৰকেট পৰিছে বিভিন্ন বিল্ডিং বাগৰি পৰিছে। সেই বিল্ডিঙত বিভিন্ন শব্দ, কথা লিখা আছে। আৰু সেই বিল্ডিং বাগৰি পৰোতেই তাত যিবোৰ কথা লিখা আছিল সেইবোৰ চিটিকি পৰিছে। আৰু তাৰ পৰাই শব্দ বুটলি আনি কবিতা লিখাৰ যি প্ৰৱণতা কম ডাঙৰ মানৱীয় কথা নহয়।
তেওঁ কয়, ইউক্ৰেইনত যুদ্ধৰ পিছত কবিতাৰ প্ৰতি মানুহৰ প্ৰৱণতা আৰু বৃদ্ধি পাইছে। প্ৰথম কিছুদিন যুদ্ধ চলোতে কোনেও ভবা নাছিল যে, যুদ্ধৰ লগত কবিতাৰো সম্পৰ্ক হ'ব পাৰে। যুদ্ধৰ সম্পৰ্ক 'একে ৪৭' বা তেনে ধৰণৰ অস্ত্ৰৰহে। কিন্তু অতদিনে যুদ্ধৰ মাজত মানুহে ইউক্ৰেইনত এতিয়া অনুভৱ কৰিছে কবিতাই জীয়াই থকাৰ প্ৰেৰণা আনি দিব পাৰে। সেয়েহে ইউক্ৰেইন চৰকাৰেও মানুহক কবিতা লিখিবলৈ অনুপ্ৰেৰণা যুগাইছে। যুদ্ধৰ মাজতো ইউক্ৰেইনৰ চৰকাৰী ৱেবচাইটত এই পৰ্যন্ত প্ৰায় ২৪ হাজাৰ মানুহে কবিতা লিখিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0e7327f0-7416-4db2-b793-d2e3eea78d78/WhatsApp_Image_2023_01_05_at_5_24_21_PM.jpeg)
অনুষ্ঠানত সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই কয়, সমগ্ৰ বিশ্বত তথ্য প্ৰযুক্তিৰ বিকাশৰ বাবে ইয়াৰ প্ৰভাৱ সংবাদ মাধ্যমৰ লগতে সমাজ সাহিত্য জীৱনৰ ওপৰতো পৰিছে। আমিও পাৰ্যমানে সময়ৰ সৈতে মিলাই লেটাৰ প্ৰেছৰ পৰা ডিজিটেল মাধ্যমলৈকে সংবাদ মাধ্যমকৰ সৰ্বস্তৰৰ লোকৰ বাবে গ্ৰহণযোগ্য কৰি তোলাৰ প্ৰয়াস কৰিছো।
সাম্প্ৰতিক সময়ত সামাজিক মাধ্যম তথা ডিজিটেল মাধ্যমৰ দ্বাৰা প্ৰচাৰিত স্থুল বিষয়বস্তুক লৈ সমালোচনা হোৱাৰ সমান্তৰালভাৱে এই মাধ্যমৰ জৰিয়তে নতুন প্ৰজন্মই চিৰিয়াছ বিষয়বস্তুৰ পৰ্যালোচনা আৰু সাহিত্য চৰ্চাৰ অভ্যাস গঢ়ি তুলিছে। আমাৰ ডিজিটেল সংস্কৰণেও তেওঁলোকক ইয়াৰ সুযোগ প্ৰদানৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইয়াত বিভিন্ন বিষয়ৰ আলোচনা কাব্য তথা সাহিত্য চৰ্চাৰ শিতান অন্তৰ্ভুক্ত কৰিছে। ইয়াৰেই শেহতীয়া ফচল হ'ল 'ইউ কেন ইউক্ৰেইন'নামৰ কাব্য সংকলনখনি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/703cc4a3-afe3-4cde-ae36-9cfb3a945ab9/WhatsApp_Image_2023_01_05_at_5_24_20_PM.jpeg)
লক্ষণীয় বিষয় এয়ে যে, আজি উন্মোচন কৰা ''ইউ কেন : ইউক্ৰেইন''ৰ প্ৰথম উন্মোচনী গ্ৰন্থ তিনিখন ৫ হাজাৰ টকাত স্থলীতে ক্ৰয় কৰে প্ৰখ্যাত কবি হীৰেন ভট্টাচাৰ্যৰ ভাতৃ তথা বিশিষ্ট ব্যৱসায়ী ধৰ্মপ্ৰসাদ ভট্টাচাৰ্যই। য়েছে দৰজে ঠংছি, কুলধৰ শইকীয়া আৰু জয়ন্ত বৰুৱাৰ স্বাক্ষৰিত উন্মোচনীগ্ৰন্থ তিনিখন ক্ৰয় কৰি তেওঁ কয়, হীৰুদাৰ ভতিজা হোৱাৰ সূত্ৰেই কবিতাৰ প্ৰতি মোৰ এক আজন্ম প্ৰেম আছে।
আৰু নতুন কবিক উৎসাহিত কৰাৰ বাবে অসমীয়া প্ৰতিদিন ডিজিটেলে লোৱা পদক্ষেপৰ অংশিদাৰ হোৱাৰ উদ্দেশ্যেই মই এই সামাণ্য সহযোগিতা আগবঢ়াই নিজকে ধন্য মানিছো। আনহাতে উন্মোচন স্থলীত গ্ৰন্থ বিপনীৰ পৰা সভাৰ উপস্থিত প্ৰায়সকল লোকেই উন্মোচিত কাব্যগ্ৰন্থখন ক্ৰয় কৰি নিয়াৰ লগতে গণেশ তামুলীয়ে একেলগে ক্ৰয় কৰি নিয়ে।
'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আঁতধৰা গ্ৰন্থ উন্মোচনী সভাখনৰ শেষত 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ডেস্ক হেড তথা কাব্যসংকলনখন সম্পাদনা কৰা মৃদুল কুমাৰ সন্দিকৈয়ে শলাগৰ শৰাই আগবঢ়ায়।