Advertisment

য়েছে দৰজে ঠংচিক 'অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২৪' প্ৰদান

প্ৰসিদ্ধ সাহিত্যিক য়েছে দৰজে ঠংচিক আজি অসম গ্ৰন্থ মেলাৰ বাকৰিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰদান কৰে 'অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২৪'

author-image
Asomiya Pratidin
New Update
য়েছে দৰজে ঠংচিক 'অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২৪' প্ৰদান

ডিজিটেল ডেস্কঃ “ অসম প্ৰকাশন পৰিষদৰ এই মৰমৰ চিন মোৰ বাবে অমূল্য সম্পদ ৷ মই সৰল ৰীতি, সৰল ভাষাৰেই লিখোঁ ৷ সৰলভাৱেই মানুহৰ কথা-কাহিনী ক'বলৈ চেষ্টা কৰিছোঁ গল্প-উপন্যাসৰ মাজেৰে ৷ স্বাভাৱিকতে অৰুণাচলৰ জন-জীৱনেই মোৰ লেখাত ঠাই উলিয়াই লয় ৷ অৰুণাচলৰ জনজাতীয় সমাজখনক মই হৃদয়ৰ গভীৰৰ পৰা অনুভৱ কৰোঁ ৷ প্ৰশাসনিক কাম-কাজত মই সাধাৰণ মানুহৰ মুখামুখি হৈ অভিজ্ঞতা অৰ্জন কৰিছোঁ ৷ সেইবোৰেই মোৰ সৃষ্টিৰ পটভূমি ৷ সৰলভাৱে লিখাৰ বাবে মই লিখাৰ জৰিয়তে গিমিক দেখুৱাব নোৱাৰোঁ ৷ সাধাৰণ মানুহৰ সমাজ আৰু জীৱনশৈলী, ৰীতি-নীতি-পৰম্পৰাকে সৃষ্টিৰ আধাৰ কৰি লিখি আছোঁ ৷”

Advertisment

এই মন্তব্য বিশিষ্ট কথা-শিল্পী, সাহিত্যিক য়েছে দৰজে ঠংচিৰ ৷ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২৪ গ্ৰহণ কৰি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰা এই বঁটা গ্ৰহণ কৰি তেওঁ এনেদৰে কয় ৷

“ধাৰ আৰু অন্যান্য গল্প” পুথিখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ এই বঁটাত আছে ৫ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা ৷ বঁটা প্ৰদান কৰি শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে কয়—“য়েছে দৰজে ঠংচিৰ মাতৃভাষা অসমীয়া নহয়, শিক্ষা গ্ৰহণ কৰা ভাষাহে ৷ তথাপি তেওঁ অসমীয়া ভাষাৰ এগৰকী শ্ৰেষ্ঠ সাহিত্যিক ৷ ইয়াৰ বাবে তেওঁক প্ৰত্যেক অসমীয়াই কৃতজ্ঞতা প্ৰকাশ কৰি উচিত ৷ কাৰণ আমি তেওঁৰ ওচৰত চিৰঋণী ৷”

তেওঁ লগতে কয় যে এসময়ত অৰুণাচলৰ উপৰি আন ঠাইতো অসমীয়া ভাষাৰ শৈক্ষিক মাধ্যম আছিল ৷ কিন্তু ক'ৰবাত যেন আমাৰ সংকীৰ্ণতাৰ বাবে এয়া বন্ধ হৈ গ’ল ৷ নাগামিজ অসমীয়াৰে এটা প্ৰচলিত ৰূপ , কিন্তু ইয়াক স্বীকৃতি দিয়া নহ’ল ৷

এতিয়াও নলবাৰী, বৰপেটাৰ কথিত ভাষাৰ শব্দই যথাযোগ্যভাৱে অসমীয়া অভিধানত ঠাই পোৱা নাই ৷ এয়া দৰাচলতে ভাষাৰ সমৃদ্ধিৰ দুৱাৰ বন্ধ কৰা কাৰ্যহে ৷ জনজাতীয় শব্দ সম্ভাৰকো অভিধানলৈ তুলি আনিলে আমাৰ ভাষিক সমৃদ্ধিৰ দুৱাৰ মুকলি হ’ব ৷

তেওঁ পুনৰ কয় যে অতীত হ’বলৈ ওলোৱা ২০২৪ বৰ্ষটো অসমৰ বাবে প্ৰাপ্তিৰ বছৰ আছিল ৷ এই বছৰটোতে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰিলে ৷ আশা কৰোঁ আগন্তুক সময়েও আমাৰ বাবে সাফল্যৰ শুভবাৰ্তা কঢ়িয়াই আনিব ৷

উল্লেখ্য যে এই অনুষ্ঠানতে “ধাৰ আৰু অন্যান্য গল্প”  প্ৰকাশ কৰাৰ বাবে অসম প্ৰকাশন পৰিষদ সাহিত্য(প্ৰকাশক) বঁটা প্ৰদান কৰা হয় “বনলতা” প্ৰকাশনৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকাক ৷ এই বঁটাত আছে ৩ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা ৷

হাজৰিকাই বঁটা গ্ৰহণ কৰি কয়—“য়েছে দৰজে ঠংচিৰ দৰে এগৰাকী প্ৰসিদ্ধ সাহিত্যিকৰ গ্ৰন্থ প্ৰকাশৰ বাবে লাভ কৰা এই বঁটা মোৰ বাবে পৰম প্ৰাপ্তি ৷ কিতাপ প্ৰকাশৰ ক্ষেত্ৰত আমাক উৎসাহিত কৰাৰ লগতে দায়িত্বও বৃদ্ধি কৰিলে এই স্বীকৃতিয়ে ৷”

অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহা, পৰিষদৰ সচিব প্ৰমোদ কলিতা প্ৰমুখ্যে সাহিত্যপ্ৰেমী ৰাইজে ৷ এই অনুষ্ঠানতে “লয়াৰ্ছ” প্ৰকাশে ছপা কৰি উলিওৱা য়েছে দৰজে ঠংচিৰ “ঢোলৰ ছেৱত লামছিৱা” উপন্যাসখন উন্মোচন কৰে শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে ৷ 

য়েছে দৰজে ঠংচিৰে অন্তৰংগ আলাপ

বঁটা প্ৰদানৰ পাছতে বিশিষ্ট সাহিত্য-সমালোচক অৰিন্দম বৰকটকীয়ে য়েছে দৰজি ঠংচিৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান পৰিচালনা কৰে অসম গ্ৰন্থমেলাৰ মঞ্চত ৷ ইয়াত ঠংচিয়ে অৰুণাচলত তেওঁৰ শৈশৱকালৰ কথা সোঁৱৰণ কৰি জনজাতীয় সমাজৰ বিভিন্ন দিশ উন্মোচন কৰে ৷

তেওঁ কয় যে পহাৰীয়া সমাজখন দূৰৰ পৰা দেখিবলৈ সুন্দৰ, কিন্তু বাস্তৱত মানুহৰ দৈনন্দিন জীৱনযাত্ৰা বৰ কষ্টকৰ ৷ আমাৰ শৈশৱো তেনে কষ্টৰে অতিবাহিত হৈছে ৷ তথাপি বিভিন্ন প্ৰচলিত ৰীতি-নীতি, কৃষ্টি-পৰম্পৰাই জনজাতীয় সমাজক বিশিষ্টতা প্ৰদান কৰিছে ৷

তদুপৰি প্ৰত্যেক জনজাতিৰে নিজা নিজা জীৱনশৈলী, নিজা নিজা নীতি-নিয়ম আৰু সংস্কৃতি থাকে ৷ সেয়ে জনজাতীয় সমাজ বৈচিত্ৰ্যৰে উজ্বল ৷ তেওঁ অসম-অৰুণাচলৰ সহৃদয় সম্পৰ্কৰ বিষয়েও উল্লেখ কৰে ৷

অনুষ্ঠানটি পৰিচালনা কৰি অৰিন্দম বৰকটকীয়ে কয় যে য়েছে দৰজে ঠংচি হৈছে সমন্বয় সাধন কৰা সাহিত্যিক ৷ নিজৰ ব্যক্তিগত সৰলতাই তেওঁৰ সাহিত্যক মহত্ত্ব প্ৰদান কৰিছে ৷

অসম গ্ৰন্থ মেলা