বিহালী বাঘমাৰীত গাহৰি বেচি YBYত বিনিয়োগ কৰি সৰ্বাস্বান্ত চাহ শ্ৰমিক...

বিহালী বাঘমাৰীত গাহৰি বেচি YBYত বিনিয়োগ কৰি সৰ্বাস্বান্ত চাহ শ্ৰমিক...
Published on
Updated on

ডিজিটেল সংবাদ, বিহালীঃ উত্তৰ অসমত সংঘটিত YBY লুন্ঠন ব্যৱসায়ত কোটি কোটি টকা লুটপাট চলাই অন্তৰ্ধান YBYৰ স্বত্বাধিকাৰী প্ৰাক্তণ এন ডি এফ বি নেতা অনিৰাম বড়ো৷ বিগত প্ৰায় দুমাহ মাহ দিনৰ ভিতৰত সমগ্ৰ উত্তৰ অসমৰ সৰ্বস্তৰৰ লোকৰ বাবে সহজ বিস্বাসযোগ্য উপাৰ্জনৰ বিনিয়োগ এপচ্ হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল৷ কিন্তু; হঠাৎ অন্তর্ধান হ'ল YBY নামৰ বানিজ্যিক এপচটো ফলত উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ বিহালীৰ বিভিন্ন অঞ্চলৰ লোকে হেৰুৱালে নিজৰ সাঁচতীয়া ধন।

পোহৰলৈ অহা তথ্য অনুসৰি বিহালীৰ শ্ৰমিক বনুৱা ,কৃষক শ্ৰেণী লোকে পুহনীয়া গৰু -গাহৰি বেচিও YBY- ত ধন বিনিয়োগ কৰিছিল। দেখা যায় YBYৰ লুন্ঠৰাজৰ সমস্ত তথ্য প্ৰকাশ যে বানিজ্যিক এপচ্লYBY এপচৰ দ্বাৰা গেঙটোৱে সৰ্বাধাৰণ মধ্যশিক্ষিত গঞাঁলোক আৰু শিক্ষক কৰ্মচাৰী আৰু খাটি খোৱা লোকক টার্গেটে কৰি লৈছিল৷

উল্লেখ্য যে বিশ্বনাথ জিলাৰ বিহালী চাহ জনগোষ্ঠীয় এলেকাত সহজতে ধন ঘটাৰ সপোন দেখুৱাই বহু কোটি টকা লুন্ঠন চলালে৷ তথ্যমতে বিহালীৰ বাঘমাৰী চাহ বাগিছা নিবেন পাৰধীয়া নামৰ ব্যক্তিজনে পুহনীয়া গাহৰি বেছি অধিক মুনাফাৰ লোভত YBY ৰ নিয়ম অনুসৰি ৬০০০ টকা বিনিয়োগ কৰিছিল৷

ৰাতিটোৰ ভিতৰতে কোটিপতি হোৱাৰ ৰঙীণ সপোনত আত্মবিভোৰ হৈ থকা দুখীৰাম নিবেন পাৰধীয়াৰ ৰঙীণ সপোনো ভাগিল আনকি পুহনীয়া গাহৰি কেইটাও গ'ল৷ একেদৰে বিহালীৰ বাঘমাৰী চাহ বাগিছাৰ ৰাজু ডুংৰীয়েও নিজৰ উপাৰ্জনৰ ধন অধিক মুনাফা আশাত YBY ত লগাই হ'ল সর্বস্বান্ত হোৱা বুলি সদৰি কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in