মহানগৰীত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান, উদ্ধাৰ ২০০ পেকেট য়াবা টেবলেট

author-image
Asomiya Pratidin
New Update
মহানগৰীত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান, উদ্ধাৰ ২০০ পেকেট য়াবা টেবলেট

ডিজিটেল ডেস্ক : মহানগৰীত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ড্ৰাগছ সৰবৰাহকাৰীয়ে প্ৰতিদিনেই নতুন উপায়েৰে মহানগৰীৰ মাজেৰে অইন ৰাজ্যসমূহলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তেই আৰক্ষীয়েও সৰবৰাহকাৰীক আটক কৰিবলৈ লৈছে নতুন পন্থা । দীৰ্ঘদিন ধৰি আৰক্ষীৰ নজৰত থকাৰ পাছত ৰবিবাৰে ৰাতিপুৱা গড়চুকত গ্ৰেপ্তাৰ হয় দুই ড্ৰাগছ সৰবৰাহকাৰী ।

Advertisment

মণিপুৰৰ পৰা মানকাচৰলৈ সৰবৰাহ কৰি থকা সময়তেই জব্দ কৰা হয় প্ৰায় ২০০ পেকেট য়াবা টেবলেট । ৰাজীৱ ভূঞা আৰু ৰেকিব আহমেদ নামৰ দুই সৰবৰাহকাৰীয়ে কঢ়িয়াই নিছিল এই ড্ৰাগছখিনি ।

উল্লেখ্য যে, জব্দকৃত য়াবা টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা বুলি জানিবলৈ পৰা গৈছে ।

আনহাতে, আৰক্ষীৰ তথ্য অনুসৰি মানকাচৰলৈ ড্ৰাগছ খিনি নিবলৈ আহি কেইবাদিনো গুৱাহাটীত বাহৰ পাতি আছিল সৰবৰাহকাৰী দুজন । আৰক্ষীৰ চোকা নজৰত থকা সৰবৰাহকাৰী দুজনে ৰবিবাৰে ৰাতিপুৱা মানকাচৰলৈ য়াবা টেবলেটখিনি লৈ গৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

assam drugs seized