/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/35650ba8-220d-4ad0-98c3-f35a3eb408d1/pic_eimuhurtor_khobor_copy.jpg)
শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷
সোনাই ৰোডৰ ৰাংগিৰখাৰিৰ এখন হোটেলত আৰক্ষীৰ অভিযান৷ অভিযানত জব্দ পাচ হাজাৰ নিচা জাতীয় ইয়াবা টেবলেট ৷
টেবলেটৰ সৈতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ৷
ধৃত সৰবৰাহকাৰী কেইজন লালডুহাওয়া, চাওলিয়ানা আৰু ছাংগিতা ৷
আটাইৰে ঘৰ মিজোৰামত ৷
টেবলেট সমূহ মিজোৰামৰ পৰা বিক্ৰী কৰিবলৈ শিলচৰলৈ অনা হৈছিল ৷
গ্ৰাহকৰ অপেক্ষাত বাহৰ পাতি থকা সময়তে আৰক্ষীয়ে জব্দ কৰে এই পাচ হাজাৰ নিচা জাতীয় টেবলেট ৷
লগতে গ্ৰেপ্তাৰ কৰা হয় সৰবৰাহ কাৰী তিনিজনক ।