/asomiyapratidin/media/media_files/2025/03/20/oSKdWDfv1qeSRNbWuxhb.jpg)
শিশু সমাৰোহৰ লাইখুঁটা স্থাপন
ডিজিটেল সংবাদ, ঘিলাধাৰী: বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ একবিংশতিতম শিশু সমাৰোহৰ আয়োজন কৰা হৈছে। বৃহস্পতিবাৰে এই শিশু সমাৰোহৰ লাইখুঁটা স্থাপন কৰা হয়৷ লাইখুঁটা স্থাপন কৰা অনুষ্ঠানত উপস্থিত থাকে মইনা পাৰিজাতৰ বিষয়ববীয়াৰ লগতে অঞ্চলটোৰ কণ কণ শিশু। অহা ৫ ৰ পৰা ৮ এপ্ৰিল তাৰিখলৈ এই সমাৰোহ বৰহোলা উৰঙ্গীয়াল বুদুৰাম বাৰিক ক্ষেত্ৰত অনুষ্ঠিত হlব৷ শিশু সমাৰোহৰ আটাইকেইটা দিনত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে জ্ঞানমঞ্জৰী মইনা পাৰিজাতৰ সদস্য আৰু অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াই৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us