প্ৰাক্তন ডিজিপিৰে ভোট ইভিএমে বেলেগত দিয়া দেখুৱাইছে, এয়া চিন্তনীয়ঃ ৰিপুন বৰা, VIDEO

প্ৰাক্তন ডিজিপিৰে ভোট ইভিএমে বেলেগত দিয়া দেখুৱাইছে, এয়া চিন্তনীয়ঃ ৰিপুন বৰা, VIDEO

author-image
asomiyapratidin
New Update
প্ৰাক্তন ডিজিপিৰে ভোট ইভিএমে বেলেগত দিয়া দেখুৱাইছে, এয়া চিন্তনীয়ঃ ৰিপুন বৰা, VIDEO

ডিজিটেল ডেস্কঃ লাচিত নগৰৰ কালিমন্দিৰৰ ভোটকেন্দ্ৰত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা বিশিষ্ট কবি হৰে কৃষ্ণ ডেকাই ই ভি এমৰ বুটাম টিপোতেই তেওঁৰ পচন্দৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে বেলেগৰ তাতহে ভোট দিয়া বুলি ইভিএমৰ স্ক্ৰীণত ওলোৱা ঘটনাক লৈ হৰেকৃষ্ণ ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতেই এই ঘটনা সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

মঙলবাৰে গুৱাহাটী সমষ্টিৰ বাবে চলি থকা ভোটগ্ৰহণ পৰ্বৰ নিৰীক্ষণ কৰি থকা অৱস্থাত সংবাদমাধ্যমৰ আগত এই ঘটনাক লৈ আশ্চৰ্য প্ৰকাশ কৰে। তেওঁ কয়- 'যদি হৰে কৃষ্ণ ডেকাৰ দৰে এজন প্ৰাক্তন ডিজিপিৰে ভোটটো বেলেগত পৰাৰ দৰে ঘটনা হয়, তেনেহ'লে সাধাৰণ ভোটাৰ থকা অঞ্চলসমূহত কেনে ঘটনা সংঘটিত হ'ব পাৰে সেয়া সহজেই অনুমেয়।'

তেওঁ লগতে কয় যে- বিজেপি বিৰুদ্ধে ই ভি এম টেম্পাৰিঙৰ অভিযোগ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰাই উত্থাপিত হৈ আহিছে যদিও, নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত এতিয়ালৈকে ৰাইজক আশ্বস্ত হ'ব পৰাকৈ কোনো স্পষ্ট উত্তৰ দিব পৰা নাই। এয়া চিন্তনীয় বিষয়। আনহাতে, তিনিটা পৰ্যায়ত অনুষ্ঠিত অসমৰ নিৰ্বাচনত কংগ্ৰেছ দলে ৮ৰ পৰা ১০খন আসন দখল কৰিবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।