চৰাইদেউ সোণাৰিত বিশ্ব যক্ষ্মা দিৱস পালন...

চৰাইদেউ জিলা স্বাস্থ্য সমিতি আৰু চৰাইদেউ জিলা যক্ষ্মা কেন্দ্ৰৰ উদ্যোগত আজি বিশ্ব যক্ষ্মা দিৱস পালন কৰাৰ লগতে নাফুক চাহ বাগিচা পূজা ঘৰত এখনি সভাৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
চৰাইদেউ সোণাৰিত বিশ্ব যক্ষ্মা দিৱস পালন...

ডিজিটেল সংবাদ চৰাইদেউঃ সমগ্ৰ দেশৰ লগতে আজি চৰাইদেউ জিলাৰ সোণাৰিতো বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। চৰাইদেউ জিলা স্বাস্থ্য সমিতি আৰু চৰাইদেউ জিলা যক্ষ্মা কেন্দ্ৰৰ উদ্যোগত এই উপলক্ষে সোণাৰিৰ কাষৰীয়া নাফুক চাহ বাগিচা পূজা ঘৰত এখনি সভাৰ আয়োজন কৰা হয়।

জ্যেষ্ঠ স্বাস্থ্য কৰ্মী মৃত্যুঞ্জয় দাসে আঁতধাৰা সভাৰ আৰম্ভণিতে জিলা যক্ষ্মা বিষয়া ডাঃ সোণালী চেতিয়াই বিশ্ব যক্ষ্মা দিৱস আয়োজনৰ তাৎপৰ্য সম্পৰ্কে ভাষণ দিয়ে ইয়াৰ পিছত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা উপ জিলা আয়ুক্ত (স্বাস্থ্য) শুণতৃষ্ণা ঘৰফলিয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জ্যোতিৰ্ময় শৰ্মা বৰুৱা, নাফুক বাগিচাৰ অতিৰিক্ত মহাপ্ৰবন্ধক দেৱশীষ বৰুৱা আৰু এন এইচ এমৰ জিলা আঁচনি পৰিচালক অভিজিত শৰ্মাই ভাষণ দিয়ে।

অনুষ্ঠানত স্থানীয় শিল্পীসকলে গীত, নৃত্যৰ অনুষ্ঠান পৰিবেশন কৰে।

যক্ষ্মা চৰাইদেউ