/asomiyapratidin/media/media_files/2025/03/24/7BBlCVIdknx1ANnb19MQ.jpg)
বিশ্ব যক্ষ্মা দিৱস
ডিজিটেল সংবাদ, ধুবুৰী: আজি বিশ্ব যক্ষ্মা দিৱস। বিশ্বব্যাপী মহামাৰীৰ বিষয়ে জনসচেতনতা গঢ়ি তোলাৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বৰ পৰা এই ৰোগ নিৰ্মূলৰ প্ৰচেষ্টাৰ বাবে প্ৰতি বছৰে ২৪ মাৰ্চত পালন কৰা হয় এই দিৱসৰ। ২০১৮ চনত সমগ্ৰ বিশ্বত এক কোটি লোক এই ৰোগত আক্ৰান্ত হৈছিল, আৰু ১৫ লাখ লোক মৃত্যুমুখত পৰিছিল, ইয়াৰ বেছিভাগেই লোকেই আছিল নিম্ন আৰু মধ্যবিত্ত দেশৰ লোক। ইয়াৰ ফলত ই কোনো সংক্ৰামক ৰোগৰ বাবে হোৱা মৃত্যুৰ এটা প্ৰধান কাৰণ স্বৰূপ হৈ পৰে।
বিশ্ব যক্ষ্মা দিৱস উপলক্ষে ধুবুৰী জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এখন সজাগতামূলক মটৰ চাইকেল ৰেলী উলিওৱা হয়। ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত শান্তনা বৰাই শুভ উদ্বোধন কৰা উক্ত মটৰ চাইকেল ৰেলীয়ে ধুবুৰী চহৰৰ বিভিন্ন বাট-পথ অতিক্ৰম কৰি ৰাইজক যক্ষ্মাৰ দৰে বেমাৰ হোৱাৰ পৰা কেনেদৰে আঁতৰত থাকি সুস্থ সৱল ভাৱে জীয়াই থাকিব পৰা যায় সেই সন্দৰ্ভত সজাগতা অনাৰ প্ৰয়াস চলায়। সোমবাৰৰ এই সমদলত ধুবুৰী জিলা যক্ষ্মা বিষয়া ডা: মিৰ্ধা হোছেন আহমেদ, এনএইচএম ৰ বিষয়া আৰিফ আহমেদকে ধৰি জিলা স্বাস্থ্য বিভাগৰ ভালে সংখ্যক লোক উপস্থিত থাকে।