ইণ্ডিয়ান অইলে সমগ্ৰ দেশত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে বিশ্ব গঁড় দিৱস

বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত একাদশ বিশ্ব গঁড় দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
ইণ্ডিয়ান অইলে সমগ্ৰ দেশত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে বিশ্ব গঁড় দিৱস

ডিজিটেল সংবাদ, চিৰাং : আজি একাদশ বিশ্ব গঁড় দিৱস ৷ ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰে এই উপলক্ষে আজি দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে বিশ্ব গঁড় দিৱসৰ আয়োজন কৰে ৷ চিৰাং জিলাৰ ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰ উপ নগৰীৰ চম্পা ক্লাবত আয়োজিত কাৰ্যসূচী ইণ্ডিয়ান অইলৰ থীম গীতেৰে শুভাৰম্ভ কৰা হয় ৷

Advertisment

বঙাইগাঁও শোধনাগাৰৰ মহাপ্ৰৱন্ধক (MS & L&D) এছ এম এছ ইছলামে আদৰণি ভাষণ প্ৰদান কৰাৰ পাছত চিৰাং জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে মুখ্য অতিথিৰূপে উপস্থিত থাকি বিশ্ব গঁড় দিৱসৰ তাৎপৰ্য আৰু আপুৰুগীয়া সম্পদ বিধক সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰে ৷ তেওঁ লগতে ইণ্ডিয়ান অইলে গঁড় সজাগতাৰ বাবে লোৱা পদক্ষেপক আদৰণি জনায় | অনুষ্ঠানৰ পূৰ্বে বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক তথা শোধনাগাৰ মূৰব্বী নয়ন কুমাৰ বৰুৱাই একাদশ সংখ্যক বিশ্ব গঁড় দিৱস বঙাইগাঁও শোধনাগাৰে বিগত ২০২১ চনৰ পৰা বিশ্ব গঁড় দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰি অহাৰ কথা প্ৰকাশ কৰাৰ লগতে এইবেলি বঙাইগাঁও আৰু চিৰাং জিলাৰ ছাত্ৰ ছাত্ৰীৰ মাজত গঁড় সংৰক্ষণ আৰু সজাগতাৰ বাবে বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ।

শোধনাগাৰ মূৰব্বী নয়ন কুমাৰ বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, আজি একাদশ গঁড় দিৱস আজি ইণ্ডিয়ান অইলে নিজা নিজা প্ৰতিষ্ঠানত ভিন ভিন কাৰ্যসূচীৰে পালন কৰিছে । উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা উপস্থিত থাকে ।

assam bongaigaon indian oil