ডিজিটেল সংবাদ, কাজিৰঙাঃ আজি বিশ্ব ৰেডিঅ' দিৱস ৷ ২০১১ চনত ১৩ ফেব্ৰুৱাৰী দিনটো বিশ্ব ৰেডিঅ দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ইউনেস্কই ৷ ডিজিটেল ক্ষেত্ৰৰ উত্তৰণৰ ফলত বৰ্তমান বিলুপ্তিৰ দিশত এসময়ৰ যোগাযোগ বা মনোৰঞ্জনৰ একমাত্ৰ বেতাঁৰ আহিলা ৰেডিঅ ৷ইয়াৰ মাজতো কিন্তু কোনো কোনোৱে এৰিব এৰিব পৰা নাই ৰেডিঅৰ মোহ ৷
ইণ্টাৰনেট ব্যৱস্থাই ঢুকি নোপোৱা বহু স্থানত এতিয়াও একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাবে স্থান পাই আহিছে ৰেডিঅই ৷ তাৰ অন্যতম উদাহৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্য ৷বৰ্তমান এনড্ৰইড মোবাইল যোগতো ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ বন শিবিৰত উপলব্ধ ৰেডিঅ ৷কাৰণ গভীৰ অৰণ্যৰ মাজত কোনো কোনো এলেকাত ডিজিটেল নেটৱৰ্কিং শূন্য ৷
সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে কিছু দিনৰ পূৰ্বে দিয়া ছেটেলাইট ফোনৰ ব্যৱস্থাও নাই প্ৰতিটো বনশিবিৰত ৷যাৰ বাবে কৰ্তব্যৰ খাতিৰত পৰিয়াল তথা জনসমাগমৰ পৰা বহু নিলগত দিনে নিশাই কৰ্তব্য পালন কৰি অহা একাংশ বনকৰ্মীয়ে দেশৰ খা-খবৰ বা মনৰ অৱসাদ দূৰ কৰিবলৈ সযতনে ৰাখিছে ৰেডিঅটো ৷ৰেডিঅটোৰ মাজতে তেওঁলোকে বিচাৰি পাই মনৰ উদ্যম তথা মানসিক প্ৰশান্তি ৷
Also Read: অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত...