/asomiyapratidin/media/media_files/2025/03/03/fydc2QZei0b3PAagvvx3.jpg)
বিশ্ব শ্ৰৱণ দিৱস
ডিজিটেল ডেস্ক, ধুবুৰী: ধুবুৰীত পালন কৰা হয় বিশ্ব শ্ৰৱণ দিৱস। বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে সোমবাৰে ধুবুৰী স্বাস্থ্য বিভাগৰ দ্বাৰা সজাগতা সভা, শ্ৰৱণ পৰীক্ষণ শিবিৰকে ধৰি বিভিন্ন কার্যসূচী হাতত লয়। ৰাষ্ট্ৰীয় বধিৰতা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত আয়োজিত শ্ৰৱণ দিৱসৰ তাৎপৰ্য সম্পর্কে বাখ্যা আগবঢ়ায় ধুবুৰী জিলা নডেল বিষয়া ডাঃ আমিৰ হুছেইনে। শ্বেখে জনায় যে, অতিমাত্রা উচ্চ স্বৰৰ শব্দ প্ৰদূষণ মানুহৰ শ্ৰৱণ শক্তিৰ বাবে অতি ক্ষতিকাৰক। এনেবোৰ বিষয়ত সজাগ হ'বলৈ বিশ্ব স্বাস্থ্য সংস্থাই সকলোৰে প্ৰতি আহ্বান জনাইছে। ৩ মাৰ্চৰ বিশ্ব শ্ৰৱণ দিৱসৰ ধুবুৰীৰ কাৰ্যসূচী সফল কৰি তোলাত সকলোৰে সহযোগিতা জিলা স্বাস্থ্য বিভাগে কামনা কৰিছে। এই উপলক্ষে সোমবাৰে ধুবুৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সভাকক্ষত স্থানীয় ৰাইজ, স্বাস্থ্য বিভাগৰ কৰ্মী, নাৰ্ছক লৈ আয়োজন কৰা সজাগতা মূলক অনুষ্ঠানত বক্তব্য প্ৰদান কৰে ধুবুৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: নাট্যবিৰ দাস, ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালৰ সহযোগী অধ্যাপক ডা: নীলাক্ষী চৌধুৰী, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ ধুবুৰী জিলা সমন্বয়ক ছিৰাজুল ইছলাম, ধুবুৰী নগৰীয়া প্ৰাথমিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ জিলা সমন্বয়ক নজৰুল ইছলাম, ডাঃ সৰফৰাজ আহমেদ, ধুবুৰী মেডিকেল কলেজৰ অডিঅ'ল'জিষ্ট কুলদ্বীপ কুমাৰৰ লগতে ব্লক এক্সটেনচন এডুকেটৰ পম্পি ৰাণী সাহাও উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us