/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/retgt.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ 'শ্যামলী' শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে বৰ্ণিল কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালনৰ বাবে সাজু হৈছে কলিয়াবৰ মহকুমা প্ৰশাসন । কলিয়াবৰত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে লোৱা হৈছে বিশেষ পদক্ষেপ।
উল্লেখ্য যে,বিশ্ব পৰিবেশৰ দিনা ১৫ মিনিটৰ ভিতৰত ১ লাখ গছ পুলি ৰোপণৰ সংকল্প গ্ৰহন কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে । কলিয়াবৰ মহকুমা প্ৰশাসন আৰু অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ যুটীয়া সহযোগত অহা ৫ জুন তাৰিখে শ্যামলী কলিয়াবৰ নামেৰে এই কাৰ্যসূচী হাতত লোৱা হৈছে।
পুৱা ১০ বাজি ৪৫ মিনিটৰ পৰা পৰা ১১ বজাৰ ভিতৰত এই বৃক্ষৰোপন কাৰ্যসূচী সমাপন কৰা হ'ব। সমগ্র মহকুমাটোক সামৰি ১ লাখ গছ পুলি ৰোপণৰ এই বৃহৎ পদক্ষেপক পঞ্চায়ত পৰ্যায়ৰ পৰা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে কলিয়াবৰ মহকুমা প্ৰশাসনক সহযোগিতা আগবঢ়াইছে। মহকুমা প্ৰশাসনে এক লাখ গছ পুলি ইতিমধ্যে মজুত কৰি ৰোপনৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি প্ৰায় সাজু কৰি ৰখা হৈছে।
বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলো বাসগৃহ, অনুষ্ঠান-প্রতিষ্ঠানসমূহত একে সময়তে ৰোপন কৰা হ'ব গছপুলি ।কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে নিজে পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ বাবে ভালেসংখ্যক বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে । নাহৰ,আম,কঠাল,নিম,বেল, আগৰ,লেচু,আদিকে ধৰি ভালেসংখ্যক গছপুলি কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত সংৰক্ষণ কৰা হৈছে।
এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ লক্ষ্য আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে ইতিমধ্যে মহকুমা প্ৰশাসনে এটি বাইক ৰেলীৰ কাৰ্যসূচীও ৰূপায়ন কৰে ৷ইপিনে বৃক্ষ ৰোপন কাৰ্যসূচী যাতে সুপৰিকল্পিত ভাবে অনুষ্ঠিত হয় সেয়া কলিয়াবৰত উপস্থিত থাকি স্বাস্থ্য মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই প্ৰত্যক্ষ ভাৱে তদাৰকী কৰি থকা পৰিলক্ষিত হৈছে।
আৰু পঢ়ক: ব্যতিক্ৰমী লটাৰী! পুৰস্কাৰত আছে পেট্ৰ'ল, ডিজেল, আলু লগতে…