/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/web-ap-copy.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া: অসমৰ অন্যতম সক্ৰিয় প্ৰকৃতিপ্ৰেমী সংগঠন পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণত অৱধাৰিত ৰূপত গছপুলি ৰোপন, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ।
সমাগত ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে পৰিৱেশ সুৰক্ষা সমিতিয়ে শুকুৰবাৰৰ পৰা তিনিদিনীয়া নিৰ্ধাৰিত কাৰ্যসূচীৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি বিতৰণ, ৰোপন, সংৰক্ষণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।
তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ কাৰ্যলয়ৰ সমীপত শুভাৰম্ভ কৰা কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয় । ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাৰ জাপিসজীয়া গাঁৱৰ সমীপৰ বাইপাছ চাৰ্কোলৰ কাষত ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত গছপুলি বিতৰণ কৰা হয় ।
আজিৰ কাৰ্যসূচীৰ যোগেদি পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই উল্লেখ কৰি কয় যে বিগত ২০১০ চনৰ পৰা সমিতিয়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত এইদৰে গছপুলি ৰোপণ, বিতৰণ, সংৰক্ষণ আৰু প্রতিপালনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ স্বাৰ্থত ৫ জুনৰ দিনটোত অন্তত এটাকৈ হ'লেও গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায় ।
বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অহা ৪ জুন তাৰিখে কাৰ্যসূচীৰ মাজতে পৰিৱেশ সজাগতামূলক এটি বিশেষ গীত উন্মোচন কৰাৰ কথা তেওঁ উল্লেখ কৰি ৫ জুনৰ দিনা চাবুৱাৰ বিধায়ক পোনাকন বৰুৱাৰ দ্বাৰা মতাপুং মাগুৰি বিলৰ সমীপৰ নতুন ৰঙাগড়া কঁহুৱা ইক' কেম্পত গছপুলি ৰোপন আৰু বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব ।
উক্ত দিনটোতে অইল ইণ্ডিয়াৰ অভিশপ্ত বাঘজান বিজিআৰ-৫ ৰ বিধ্বংসী জুইয়ে বিধ্বস্ত কৰা বাঘজান অঞ্চলত অহা পাঁচ বছৰলৈ ভাষাৰ ওজাৰ সোঁৱৰণত গছপুলি ৰোপণ অাৰু প্ৰতিপালন কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব । তদুপৰি মাকুম মহাবিদ্যালয়ত তিনি বছৰলৈ গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ।
আজিৰ বৰ্ষজোৰা গছপুলি বিতৰণ কাৰ্যসূচীত তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য বৰা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁই, সমাজসেৱক প্ৰকাশ বেদ, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ লগতে পৰিবেশ সুৰক্ষা সমিতিৰ জিলা সভাপতি পৱন বৰুৱা , উদ্যোক্তা সমিতিৰ কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, সম্পাদক আস্তিক বৰঠাকুৰ, জিলা উপ-সভাপতি ৱাজিদ খান, কেন্দ্ৰীয় সদস্য অপূৰ্ব দাস আদিকে মুখ্য কৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
আৰু পঢ়ক: ব্যৱসায়ীক ডিঙি কাটি হত্যা, ন্যায়িক জিম্মালৈ প্ৰেৰণ অভিযুক্তক…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us