শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন

পুৱা গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ আৰম্ভ কৰাৰ পাছত পৰিৱেশ তথা প্ৰকৃতি সুৰক্ষাৰ সজাগতাৰ লক্ষ্যৰে ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 

author-image
Asomiya Pratidin
New Update
বিশ্ব পৰিৱেশ দিৱস পালন

বিশ্ব পৰিৱেশ দিৱস পালন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱসটি ভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হয়। পুৱা গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ আৰম্ভ কৰাৰ পাছত পৰিৱেশ তথা প্ৰকৃতি সুৰক্ষাৰ সজাগতাৰ লক্ষ্যৰে ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 

এই প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰি বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দিপাংক গিৰি দেৱ গোস্বামীয়ে "আমাৰ এই পৃথিৱীখন সেউজীয়া হৈ থাকিলে, সদায় সুন্দৰ আৰু মনোমোহা হৈ থাকিব ৷ প্ৰকৃতি জীয়াই আছে বাবেই আমি জীয়াই আছো ৷ প্ৰকৃতি আৰু মনুষ্য জীয়াই থাকিবলৈ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল" বুলি উল্লেখ কৰে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত প্ৰতিযোগিতাত স্থান লাভ কৰা সকলক বঁটা প্ৰদান কৰা হয়।

বিশ্ব পৰিৱেশ দিৱস বটদ্ৰৱা