/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/wojjcc.jpg)
ডিজিটেল সংবাদ, নগাঁও; সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানৰ প্ৰতি সন্মান জনাই নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগতো নগাঁও জিলাৰ বঢ়মপুৰস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ অন্ধ বিদ্যালয়ত পৰিবেশ দিৱস উদযাপন কৰা হয় ।
তদুপলক্ষ্যে অন্ধ বিদ্যালয়ৰ ৭৫ গৰাকী ছাত্র-ছাত্ৰীক লঘূ আহাৰ বিতৰন কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ৰাভা সংগীত, বিহু গীত আৰু কবিতা আবৃত্তি পৰিবেশন কৰে।বিদ্যালয়ৰ চৌহদত এক বৃক্ষৰূপন কাৰ্যসূচীও ৰূপায়ন কৰা হয় ।
উক্ত কাৰ্যসূচীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান তথা নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক শ্যামন্ত দাস, জিলা সভাপতি মিন্টু শৰ্মা ,সহকাৰী সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱা, সাংগঠনিক সম্পাদক দিলীপ বৰা, বঢ়মপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা সম্পাদক বিমল বৰা সহকাৰী সম্পাদক দ্বয় ভূপেন শইকীয়া , অজিত বসুমতাৰীৰ লগতে উপসভাপতি দিবাকৰ বৰা ,অঞ্জু কুমাৰ হাজৰিকা , ভূপেন শৰ্মা ,কমল চন্দ্ৰ হাজৰিকা , উপদেষ্টা ৰাতুল কুমাৰ ভূঞাঁ ,যোগব্ৰত হাজৰিকা ,সাংগঠনিক সম্পাদক দিপুল বৰা , বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গুন বৰাৰ উপৰিও বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে ।
আৰু পঢ়ক: সাম্প্ৰদায়িকতাই কোঙা কৰিছে মানৱতাক! ৰাজনীতি জিকিছে, জনতাই হেৰুৱাইছে…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us