/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/wed.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ বিশ্ব পৰিবেশ দিৱস আজি কলিয়াবৰৰ বাৱে চিহ্নিত হৈছে এক ঐতিহাসিক দিন ৰূপে ৷ কিয়নো বিগত বছৰসমূহৰ দৰে সভা-সমিতিৰ মাজত আৱদ্ধ নাৰাখি বিশ্ব পৰিবেশ দিৱসটি কলিয়াবৰত কাৰ্যত উচিত মূল্যায়নৰ জৰিয়তে উদযাপন কৰা পৰিলক্ষিত হ'ল ৷
'শ্যামলী' শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে বৰ্ণিল কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱসটি দেওবাৰে উদযাপন কৰে কলিয়াবৰ মহকুমা প্ৰশাসনে । উল্লেখ্য যে,বিশ্ব পৰিবেশ দিৱসৰ দেওবাৰৰ দিনটোত কলিয়াবৰত ১৫ মিনিটৰ ভিতৰত ১ লাখ গছ পুলি ৰোপণৰ কৰা হয় ।
গায়ন-বায়ন, ডবা-শঙ্খ,খোল-তাল আদি দেববাদ্যৰ ঝংকাৰৰ আধ্যাত্মিক পৰিবেশৰ মাজত শ্যামলী শীৰ্ষক অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে স্বাস্থ্য ও বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ কলিয়াবৰ মহকুমা প্ৰশাসন আৰু অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ যুটীয়া সহযোগত অনুষ্ঠিত শ্যামলী কলিয়াবৰ নামেৰে ৰূপায়ন কৰা এই কাৰ্যসূচীত পুৱা ১০ বাজি ৪৫ মিনিটৰ পৰা পৰা ১১ বজাৰ ভিতৰত এই বৃক্ষৰোপন কাৰ্যসূচী সম্পন্ন হৈছে ।
সমগ্র মহকুমাটোক সামৰি ১ লাখ গছ পুলি ৰোপণৰ এই বৃহৎ পদক্ষেপৰ কাৰ্যসূচী কুঁৱৰীটোলস্থিত গান্ধী পথাৰ প্ৰাঙ্গণত শুভাৰম্ভ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় –আজিৰ দিনটো কলিয়াবৰৰ বাৱে এক ঐতিহাসিক দিন ৷ সমগ্ৰ বিশ্বজুৰি জলবায়ুৰ ব্যাপক পৰিবৰ্তনৰ সময়তে কলিয়াবৰত গ্ৰহন কৰা এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিব ৷ শ্যামলী কলিয়াবৰে অহা দুবছৰৰ ভিতৰত মহকুমাটোক এক নতুন ৰূপ দিব ৷ আমি সভা-সমিতিৰ মাজত পৰিবেশ দিৱসটি সীমাবদ্ধ নাৰাখি হাতে কামে কলিয়াবৰক সেউজ নগৰী ৰূপে গঢ়িবলৈ পদক্ষেপ গ্ৰহন কৰিছো ৷
লগতে তেঁও কয়–আমাৰ চাৰিওপিনে সেউজ আৱৰণখন বৃদ্ধি কৰিব পাৰিলেহে জলবায়ু পৰিবৰ্তনৰ দৰে জটিল সমস্যাসমূহ প্ৰশমিত কৰাৰ সহায়ক হ'ব ৷কলিয়াবৰত কেন্দ্ৰীয় ভাবে আয়োজিত বিভিন্ন কাৰ্যসূচীৰ লগতে "শ্যামলী কলিয়াবৰ"ৰ সফলতাই জলবায়ু পৰিবৰ্তন প্ৰশমনৰ বিশ্বজোৰা প্ৰয়াসত অতি সামান্য পৰিমানৰ হলেও নিশ্চয় অৰিহনা আগবঢ়াব ৷ অসম চৰকাৰেও জলবায়ু পৰিবৰ্তনৰ বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈছে ৷ জলবায়ু পৰিবৰ্তন অভিযোজন আৰু প্ৰশমনৰ ক্ষেত্ৰত বাস্তবিক পদক্ষেপ ল'বলৈ আৰু যুৱচামক উৎসাহিত কৰিবলৈ "মূখ্যমন্ত্ৰীৰ জলবায়ু সহনশীল গাঁও ফেল'শ্বিপ' প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে ৷
উল্লেখ্য যে,পৰিবেশ সংৰক্ষণৰ দিশত বিশেষ অৱদান আগবঢ়োৱা দহগৰাকী ব্যক্তিক অসম চৰকাৰৰ বিজ্ঞান,প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগে সন্মানিত কৰাৰ কথা সদৰী কৰে বিভাগীয় মন্ত্ৰী গৰাকীয়ে ৷ সন্মানীত ব্যক্তিসকল হ'ল ক্ৰমে গোলাঘাটৰ ড০ পদ্মেশ্ব গগৈ,কামৰূপ মহানগৰৰ অধ্যাপক পৰিমল চন্দ্ৰ ভট্টাচাৰ্য,মুবিনা আখটাৰ আৰু ড০ দিনেশ চন্দ্ৰ গোস্বামী,কাছাৰৰ অধ্যাপক পাৰ্থঙ্কৰ চৌধুৰী,বাক্সাৰ বিজয় চৌধুৰী,নগাঁৱৰ প্ৰশান্ত বৰদলৈ,তিনিচুকীয়াৰ জয়নাল আবেদিন আৰু ক্ষণজিৎ গগৈ,লখীমপুৰৰ দেৱজিৎ গগৈ ৷
ইয়াৰ লগতে ৰাষ্ট্ৰীয় সেউজ বাহিনী আৰু এছকেটৰ জলবায়ু কোষে আগবঢ়োৱা বঁটা সমূহ ঘোষনা কৰে বিভাগীয় মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰে শ্ৰেষ্ঠ মহাবিদ্যালয় ই'ক ক্লাব বটা লাভ কৰে তিনিচুকীয়ৰ মহাবিদ্যালয়,বিজনী মহাবিদ্যালয় আৰু গুৱাহাটী মহাবিদ্যালয়ে ৷ শ্ৰেষ্ঠ বিদ্যালয় ই'ক ক্লাব বঁটা লাভ কৰে আদৰ্শ মহাবিদ্যালয় (মৰিগাঁও),গোৱালপাৰা বিদ্যাপীঠ উচ্চ বিদ্যালয়(গোৱালপাৰা),মডাৰ্ণ ইংলিচ স্কুল (বাক্সা),মেমাজী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (ধেমাজী) আৰু সৰুপেটা উচ্চ বিদ্যালয় (বৰপেটা) l শ্ৰেষ্ঠ মহাবিদ্যালয় পৰিবেশ আৰু জলবায়ু কোষৰ বঁটা লাভ কৰে বি. এন .মহাবিদ্যালয়(ধুবুৰী),প্ৰনব জুবিলী মহাবিদ্যালয়(কাৰ্বি আংলং)আৰু বাহানা মহাবিদ্যালয় (যোৰহাট) ৷
বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত এই কাৰ্যসূচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি গছ পুলি ৰোপন কৰে। একে সময়তে কলিয়াবৰৰ গাঁৱে গাঁৱে গছপুলি ৰোপন কৰে বিভিন্নজনে। উল্লেখ্য যে, বিভিন্ন দল-সংগঠন, গাঁও পঞ্চায়তসমূহকে ধৰি চৰকাৰী বিভাগসমূহৰ লগতে স্থানীয় ৰাইজৰ সহযোগত কলিয়াবৰৰ বিভিন্ন গাঁৱত একে সময়তে সাচি গছ,জামু,নীম,কঠাল ,আম,কাঞ্চন,বেল,সোনাৰু আদিকে ধৰি ৰোপন কৰা হয় ১ লক্ষাধিক গছপুলি। শ্যামলী কলিয়াবৰ শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে আগন্তুক দুবছৰৰ ভিতৰত কলিয়াবৰৰ প্ৰাকৃতিক পৰিবেশলৈ সেউজীয়া পৰিবৰ্তন আহিব বুলি সকলো আশাবাদী ৷