ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস পালন…

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস পালন…

author-image
asomiyapratidin
New Update
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস পালন…

ডিজিটেল সংবাদ, ওৰাং: ১২ আগষ্ট, বিশ্ব হস্তী দিৱস। প্ৰতিবছৰে মানুহৰ মাজত হাতীৰ দুৰ্দশাৰ প্ৰতি মনোযোগ আকৰ্ষণ আৰু সজাগতা বৃদ্ধিৰ বাবে ১২ আগষ্ট দিনটোক বিশ্ব হস্তী দিৱস হিচাপে পালন কৰা হয়। ২০১২ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে।

প্ৰতি বছৰৰ দৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো এইবাৰ আন্তঃৰাষ্ট্ৰীয় হস্তী দিৱস পালন কৰা হৈছে। হস্তী দিৱস উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ‌ হস্তীক লৈ উদ্যানখনত শোভাযাত্ৰা উলিওৱা হয়। হস্তী শোভাযাত্ৰা মুকলি কৰে মঙলদৈ বন সংমণ্ডল প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱাই।

ওৰাং ৰাষ্ট্ৰীয় উদ্যোনৰ বন কৰ্মী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বিশ্ব হস্তী দিৱস পালন কৰাৰ‌ লগতে‌ উদ্যানখনত‌ সজাগতা সভাও অনুষ্ঠিত কৰা হয়। আনহাতে আগন্তুক স্বাধীনতা দিৱস‌ উপলক্ষে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীও বনকৰ্মী সকলে পালন কৰে।

আৰু পঢ়কঃৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হোৱা সম্পাদকক ভোজ খাবলৈ পত্ৰ প্ৰেৰণ ৰাজ ভৱনৰ…

assam chandramohon patowary world elephant day elephant assam forest orang national park assam govt