/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/317cfd75-c6c4-430f-b116-818271368ff4/shankar_mission.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : সমগ্ৰ দেশৰ লগতে উত্তৰ-পূব ভাৰতৰ অন্যতম মানব সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ দ্বাৰা পৰিচালিত জিলা প্ৰতিবন্ধী পুনৰ সংস্থাপন কেন্দ্র উদ্যোগত, নগাঁও জিলা আইন সেৱা প্রাধিকৰণ,সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থা আৰু নগাঁও জিলা বিকলাংগ সন্থাৰ সহযোগত “বিশ্ব প্রতিবন্ধী দিৱস” টি দিনযোৰা কাৰ্যসূচীৰে মিশ্যনৰ মুখ্য কাৰ্যালয়ৰ লোকসেৱক হলধৰ ভূঞা সভাগৃহত অনুষ্ঠিত হৈ যায়। বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে পুৱা ৭ বজাত শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ কৰ্মচাৰী আৰু আবাসী সকলৰ দ্বাৰা স্বচ্ছভাৰত কাৰ্যসূচী ৰূপায়ন কৰা হয়।
পুৱা ৯-৩০ বজাত নগাঁও জিলা প্রতিবন্ধী সন্থাৰ পতাকা উত্তোলন কৰে জিলা বিকলাংগ সন্থাৰ সভাপতি মঃ আলাল উদ্দিন আহমেদে। দিৱসৰ লগত সংগতি ৰাখি ১০-৩০ বজাত প্ৰতিবন্ধী সকলৰ মাজত আয়োজন কৰা বিভিন্ন খেল-ধেমালী আৰু সাংস্কৃতিক অনুষ্ঠান কাৰ্যসূচী মুকলি কৰে শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ সদস্য তথা কামপুৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ডঃ ধৰ্মেশ্বৰ গোস্বামীয়ে আৰু বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰে ডাঃ ভূপেন বৰা আৰু শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ উপ- সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে।
ইয়াৰ পাছতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন করে সমাজকর্মী ইন্দ্ৰমোহন বৰা, ডঃ ধৰ্মেশ্বৰ গোস্বামী, মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেব শর্মা আৰু জিলা বিকলাংগ সন্থাৰ সভাপতি মঃ আলাল উদ্দিন আহমেদে। দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাখনি বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰীয়ে। মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেব শৰ্মাই আঁতধৰা সভাখনত অৱসৰপ্রাপ্ত যুটীয়া সঞ্চালক ডাঃ কৃষ্ণ কুমাৰ বৰা,ৰূপহী সংহত শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া মৃণাল শইকীয়াই। সভাত সমল ব্যক্তি হিচাপে অংশ গ্রহণ কৰি মুখ্য সেৱিকা প্রশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা সাগৰিকা বৰাই প্ৰতিবন্ধী সকলৰ স্বাস্থ্য যতন, পৰিস্কাৰ-পৰিচন্নতা, খাদ্যভ্যাস,সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে।
সভাত শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ সদস্য জীতেন শৰ্মা,যতীন হাজৰিকা,মুক্তি বৰা, প্রফুল্ল হাজৰিকা,বীৰেন্দ্ৰ কুমাৰ দাস,অতুল মেধি, হিৰণ্যবল্লভ গোস্বামী, উপেন বৰা প্ৰমুখ্য ভালেমান সদস্য-সদস্যাই অংশ গ্ৰহণ কৰে৷ সভাত সখী একক অৱস্থান কেন্দ্ৰ,নগাঁৱৰ পৰামৰ্শদাতা অপৰাজিতা নাথ বৰা আৰু গোচৰকৰ্মী বাবলী ৰাণী দেৱীয়ে অংশ গ্ৰহণ কৰে। মিশ্যনৰ যুটীয়া সম্পাদক প্রদীপ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আৰম্ভনি গীত পৰিবেশন কৰে বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে।
সভাত বিশেষভাবে সক্ষম শিশু দেৱজিৎ সাহা, মৌচিন উদ্দিন আৰু মিঠু বিশ্বাসে গীত পৰিবেশন কৰাৰ উপৰিও নগাঁও জিলা বিকলাংগ সন্থাৰ সম্পাদক পংকজ নাথে কবিতা আবৃত্তি কৰে । জাতীয় সংগীতেৰে সামৰণি পৰা সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্র নাথে। সভাৰ অন্তত গীত আৰু খেল-ধেমালী প্রতিযোগিতাৰ বিজয়ী প্রতিযোগী সকলক বঁটা প্ৰদান কৰা হয়। পুৰস্কাৰ প্রদান অনুষ্ঠান পৰিচালনা কৰে মিশ্যনৰ সদস্য ৰুনজুন বৰাই। অনুষ্ঠানত শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
আৰু পঢ়ক : চচল শতদল শাখা সাহিত্য সভাৰ দ্বি-বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us