/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/4665.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী গনেশ নগৰৰ অৰুন্ধতী প্ৰগতি সংঘত ১৫ মাৰ্চত গ্ৰাহক সুৰক্ষা সংস্থাৰ উদ্যোগত আৰু কাদম্বৰী আঞ্চলিক পৰ্যায়ৰ সংস্থাৰ সহযোগিতাত বিশ্ব গ্ৰাহক অধিকাৰ দিৱস উপলক্ষে সংস্থাৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ দাসৰ সভাপতিত্বত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়।
সংস্থাৰ প্ৰচাৰ সম্পাদক ত্ৰিদীপ চন্দ্ৰ তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত মুখ্য অতিথি হিচাপে অংশ লয় গ্ৰাহক আদালতৰ প্ৰাক্তন সদস্য, শিক্ষাবিদ গঙ্গাপদ গোস্বামীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা তথা নিৱন্ধকাৰ ড০ অনুৰাধা শৰ্মা।
সভাৰ নিৰ্দিষ্ট বক্তা সংস্থাৰ সম্পাদক বাবুল চৌধুৰী আৰু সন্মানিত অতিথি দাসো কলিতাই বৰ্তমান ই-কমাৰ্চ বা ডিজিটেল ব্যৱস্থাৰ লগত খাপ খোৱাকৈ নতুনকৈ 'গ্ৰাহক সুৰক্ষা আইন,২০১৯' জাৰি হোৱাৰ পাছতো এফালে চৰকাৰ তথা প্ৰশাসনৰ চুড়ান্ত অৱহেলা আনফালে গ্ৰাহক সচেতনতাৰ অভাৱতেই যে গ্ৰাহকসকলে পদে পদে শোষিত হৈ আছে তাৰ বিষয়ে বহলকৈ ব্যাখ্যা কৰে।
এই সভাতেই ভৰত শইকীয়াই সম্পাদনা কৰা সংস্থাৰ মুখপত্ৰ 'গ্ৰাহক বাৰ্তা' উন্মোচন কৰে সভাৰ মুখ্য অতিথি গঙ্গাপদ চৌধুৰী আৰু বিশিষ্ট অতিথি ড০ অনুৰাধা শৰ্মাই। সভাত যুতিকা শৰ্মাই আকাশলংঘী দাম বৃদ্ধিক স্বৰচিত 'জুই' কবিতাটো আবৃত্তি কৰাত ৰাইজে তেওঁক প্ৰশংসা কৰে।
সংস্থাৰ সদস্যা নিভা শইকীয়াই শলাগৰ শৰাই আগবঢ়োৱা এই সভাতেই গ্ৰাহক বিৰোধী বিশ্বায়ন, উদাৰীকৰণ তথা ব্যক্তিগতকৰণ নীতি পৰিহাৰ কৰি চৰকাৰ তথা প্ৰশাসনে গ্ৰাহক সুৰক্ষা আইন কঠোৰভাৱে বলবৎ কৰিব লাগে , উচিত দাম, মান ৰক্ষা কৰিব অনন্তঃ ভেজাল অসাধু ব্যৱসায় ৰোধ কৰিব লাগে বুলি ভালেই কেইটা প্ৰস্তাৱ গ্ৰহণ কৰে।