/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/world-bank-found.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা: "আমাৰ মাটি ,আমাৰ শ্রম ,আমাৰ উৎপাদন আৰু আমাৰ বজাৰ" বাণীৰে ঢকুৱাখনা মহকুমাৰ ২০ গৰাকী থলুৱা কৃষকৰ সপোনৰ কৃষি প্ৰকল্প এটাক লৈ নিকৃষ্ট দুৰ্নীতি অনিয়মৰ পোহাৰ মেলিছে এটা বিতৰ্কিত নিৰ্মাণ সংস্থাই। মহকুমাটোৰ কৃষি প্ৰধান কেঁকুৰী অঞ্চলত যুগ যুগ ধৰি সৰিয়হ খেতিৰে এক নব্য কৃষি বিপ্লৱৰ সূচনা কৰি অহা উদ্যমী কুৰি গৰাকী কৃষকৰ সপোন ধূলিস্যাত কৰা এই কাণ্ডজ্ঞানহীন ঠিকাদাৰ গৰাকী হৈছে ৰাজীৱ হাজৰিকা ।
অনুসন্ধান কালত উন্মোচিত তথ্য মতে কেঁকুৰী অঞ্চলৰ লগতে পাৰ্শ্বৱতী এলেকাত প্ৰচুৰ ভাৱে উৎপাদিত সৰিয়হৰ উচিত বজাৰ দৰত ক্ৰয় কৰি বিজ্ঞানসন্মত স্বাস্থ্যকৰ আৰু সুকীয়া স্বাদযুক্ত কেঁচা ঘানিৰ এটা মিঠাতেল প্ৰকল্প স্থাপনৰ লক্ষ্যৰে "সোৱণশিৰী এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড" নামৰ এটা সংস্থা গঠন কৰিছিল ২০ জনীয়া চহা গোটটোৱে । এই এণ্টাৰপ্ৰাইজটোৰ এনে সময়োপযোগী প্ৰয়াসলৈ বিশ্ব বেংকৰ তৰফৰ আগবঢ়াইছিল মুঠ ৪ কোটি টকা ।
পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ অসম গ্ৰাম্য আন্তঃগাঁঠনি আৰু কৃষি সেৱা সমিতি ( এ আৰ আই এছ) ৰ অন্তৰ্গত অসম কৃষি বাণিজ্য আৰু কৃষি স্বচ্ছতা প্ৰকল্প ( এ পি এ আৰ টি ) সহযোগিতাত বিশ্ব বেংকৰ অৰ্থ সাহায্য প্ৰাপ্ত মুঠ ৪ কোটি টকা ব্যয় সাপেক্ষ এই "সোৱণশিৰী মাষ্টাৰ্ড অইল" প্ৰকল্পৰ নিৰ্মান কাৰ্য যোৱা ১০ ফেব্ৰুৱাৰীত শুভাৰম্ভ কৰা হয় । লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্বাৱন আৰু লখিমপুৰ এগ্ৰী এণ্ড এলাইড প্ৰডাক্ট ইণ্ডাষ্ট্ৰী এছোচিয়েচন চমুকৈ "লাপিয়া"ৰ সভাপতি অজিত খনিকৰে এই অভিলাসী প্ৰকল্পটোৰ সৈতে জড়িত বিভাগীয় সকলো বিষয়াৰ উপস্থিতিত উক্ত দিনা গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি ৬মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ নিশ্চয়তা প্ৰদান কৰিছিল ।
এই অভিলাসী প্ৰকল্পৰ বিপৰীতে আবন্টিত পুঁজিৰ ব্যৱহাৰৰ বাবে বিধিগত ভাৱে নিবিদা আহ্বান কৰাৰ পাছত এই প্ৰকল্পটোৰ কাৰ্য্যালয় , মূল ফেক্টৰী গৃহ আৰু গুদাম ঘৰ নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছিল ভব বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে । বৰুৱাৰ পৰা পৰৱৰ্তী সময়ত এই নিৰ্মাণ কামৰ ঠিকা আইনগত ভাৱে ৰাজীৱ শইকীয়াই গ্ৰহণ কৰি কামৰ ৰূপায়ণৰ কৰ্তৃত্ব অর্জন কৰে। কামৰ আৱন্টন লাভ কৰিয়েই সোনাৰী চাপৰি কেঁকুৰীৰ বাঢ়ৈচলা অঞ্চলৰ ৪ বিঘা মাটিকালিত প্ৰকল্পৰ গৃহ নিৰ্মাণৰ বাবে এই ঠিকাদাৰ গৰাকীয়ে নিজাকৈ অভিযন্তা নিযুক্তিৰ জৰিয়তে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে । কিন্তু এটা বৃহৎ প্ৰকল্পৰ গৃহ নিৰ্মাণৰ বেলিকা এই নিৰ্মাণ সংস্থাটোৱে যি বেপৰোৱা আৰু ভয়ানক ভেকোভাওঁনা দেখুৱালে সেয়া বর্ণনাতীত ।
অদক্ষ ঠিকাদাৰ গৰাকীয়ে আবন্টিত পুঁজিলৈ লুলুপ দৃষ্টি দি নিম্ন মানদণ্ডৰ কামেৰে বিশাল পুঁজি উদৰস্থ কৰাৰ নিৰ্লজ পাং পাতিলে । যাৰ বাবে সংশ্লিষ্ট বিভাগে প্ৰকল্পটোৰ গৃহ নিৰ্মাণৰ বাবে প্ৰস্তুত কৰা প্ৰাককলনলৈ গুৰুত্ব নিদি , সেই প্ৰাককলনলৈ অংগুষ্ঠ দেখুৱাই নিজা খেয়াল খুচি মতে অব্যাহত ৰাখিলে মেগা প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য। সাধাৰণ ৰাইজ আৰু সোৱণশিৰী এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেডৰ অজ্ঞতাৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰি এই অকৰ্মণ্য ঠিকাদাৰ গোষ্ঠীটোৱে অতি নিম্ন মানৰ আৰু ক্ৰুতিপুৰ্ণ পদ্ধতিৰে অব্যাহত ৰখা নিৰ্মাণ কাৰ্য সন্দৰ্ভত সন্দেহ জন্মে সোৱণশিৰী এণ্টাৰপ্ৰাইজৰ ।
এই ভয়াবহ অনিয়ম সন্দৰ্ভত উপায়ুক্ত গৰাকীৰো জ্ঞাত হোৱাত বিষয়টো এগৰাকী পৃথক অভিযন্তাৰ জৰিয়তে তদন্ত আৰু পৰ্যবেক্ষণ কৰাই । পৰ্যবেক্ষণ কালত প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষ গৃহ নিৰ্মাণত সীমাহীন ক্ৰুটি আৰু অনিয়ম ধৰা পৰে । বিশ্ব বেংকৰ পুঁজিৰে নিৰ্মিত এটা প্ৰকল্পৰ গৃহ নিৰ্মাণত দেখা দিয়া এনে গুৰুতৰ বিসংগতি পোহৰলৈ অহাত বৃহস্পতি বাৰে ৰাজ্যখনৰ ভিতৰত প্ৰথমটো বিশ্ব বেংকৰ অৰ্থ সাহায্য প্ৰাপ্ত প্ৰকল্পৰ স্থান পৰিদর্শনৰ বাবে নিৰ্মাণস্থলীত উপস্থিত হয় সংশ্লিষ্ট বিভাগৰ বহু কেইগৰাকী বিষয়া আৰু অভিযন্তা।
বৃহস্পতি বাৰে দুপৰীয়া নিৰ্মাণস্থলীত উপস্থিত হৈ উচ্চস্তৰীয় বিষয়া আৰু বিশেষজ্ঞ অভিযন্তাৰ দলটোৱে তন্ন- তন্নকৈ অদ্যপি সম্পূৰ্ণ হোৱা সমগ্ৰ ক্ৰুটিপূৰ্ণ নিৰ্মাণ কাৰ্যৰ মানদণ্ড পৰীক্ষা কৰে । স্বৰজমীন পৰীক্ষণ কালত পোহৰলৈ অহা প্ৰকল্পটোৰ মূল গৃহৰ সকলো ক্ৰুটিপূৰ্ণ নিৰ্মাণ সম্পূৰ্ণ ৰূপে ভাঙি দিয়াৰ নিৰ্দেশ দি পুনৰ নতুনকৈ প্ৰাককলন অনুসৰি শীঘ্ৰে নিৰ্মাণ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ক্ৰুটিপূৰ্ণ ভাবে নিৰ্মীয়মান গুদাম ঘৰটোৰ সন্দৰ্ভত প্ৰকল্পৰ প্ৰাককলন প্ৰস্তুতকৰ্তা কাৰিকৰী বিশেষজ্ঞৰ সতে আলোচনা কৰি যদি প্ৰয়োজন হয় সেই নিৰ্মান কাৰ্যও ভাঙি দিয়াৰ বাবে পৰৱৰ্তী সময়ত নিৰ্দেশ দিব বুলি ঠিকাদাৰক সকীয়াই দিয়ে ।
তাৰোপৰি ভৱিষ্যতে প্ৰকল্পৰ প্ৰাককলন সম্পূৰ্ণ ৰূপে অনুসৰণ কৰি নিৰ্মাণ চলাবলৈকো উচ্চ স্তৰীয় বিষয়াৰ দলটোৱে ঠিকাদাৰ গোষ্ঠীক কঠোৰ নিৰ্দেশ দিয়ে । বিভিন্ন স্তৰৰ ৪ গৰাকীকৈ কাৰিকৰী বিশেষজ্ঞক এই নিৰ্মাণ কাৰ্যত নিযুক্ত কৰে । উল্লেখ্য যে দলটো আগমনৰ সম্ভেদ পাই চতুৰ ঠিকাদাৰ গৰাকীয়ে নিজে উপস্থিত থাকি বৃহস্পতি বাৰে পুৱাই এক্সকেভেটৰ লগাই ক্ৰুটিপূৰ্ণ নিৰ্মাণ কাৰ্যৰ কিছু অংশ ভাঙি পেলাই ।
স্মৰ্তব্য যে প্ৰকল্প স্থলীত "লাপিয়া"ৰ সভাপতি অজিত খনিকৰ আৰু অন্যান্য বিষয়াবৰ্গই এণ্টাৰপ্ৰাইজৰ পৰিচালন সঞ্চালক পুতুল খনিকৰ , সঞ্চালক ৰাতুল খনিকৰকে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ।