গৰৈমাৰীত পৰিৱেশ শিক্ষা সন্দৰ্ভত কৰ্মশালা

গৰৈমাৰীত পৰিৱেশ শিক্ষা সন্দৰ্ভত কৰ্মশালা

ডিজিটেল সংবাদ,গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা 'পৰিৱেশ শিক্ষা কাৰ্যসূচী' সন্দৰ্ভত কৰ্মশালাৰ দেওবাৰে বিয়লি সামৰণি পৰে ৷ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত কামৰূপৰ ৰামপুৰ ব্লকৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ সমগ্ৰ শিক্ষা আৰু গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ইকো ক্লাবৰ সহযোগত অনুষ্ঠিত হয় কৰ্মশালাখনি।

দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাৰ প্ৰথম দিনাৰ কৰ্মশালা সঞ্চালনা কৰে গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আৱাল চাহাবে ৷ উক্ত দিনা সম্বৰ্ধনা অনুষ্ঠানটি পৰিচালনা কৰে গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ অধ্যাপক মহিবুল হক চৌধুৰীয়ে ৷

আদৰণী ভাষণ প্ৰদান কৰে অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৰিৱেশ শিক্ষা আঁচনিৰ জিলা সমন্বয়ক মোবাৰক হুছেইনে ৷ সমল ব্যক্তি হিচাপে উপস্থিত থাকে গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানীদ্বয় ড০ কাবেৰী মহন্ত, মছিফিকুল হুছেইন।

অন্যহাতে দ্বিতীয় দিনা বনগাঁও ব্লকৰ কৃষি সম্প্ৰসাৰণ বিষয়া ভদ্ৰেশ্বৰ বড়ো, আব্দুল আৱাল চাহাব, ড০ শ্বেখ মজিবৰ ৰহমান সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৷ উক্ত দুয়োটা দিনৰ কাৰ্য্যসূচীত মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ, গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ অধ্যাপিকা কাঞ্চন চৌধুৰী, অধ্যাপিকা বেগম ৰুণালাইলা মজুমদাৰ, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমান, আলহাজ আবেদ আলী হাইস্কুলৰ শিক্ষক জহুৰুল ইছলামৰ উপৰি গৰৈমাৰী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ৷

গৰৈমাৰীত পৰিৱেশ শিক্ষা সন্দৰ্ভত কৰ্মশালা
এচিড আক্ৰমণৰ ঘটনাঃ শীৰ্ষত আছে বেংগালুৰু, তাৰপাছত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in