বিষ আৰু উপশমকাৰী ঔষধ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় যোগাযোগৰ ওপৰত এদিনীয়া কৰ্মশালা

author-image
Asomiya Pratidin
New Update
বিষ আৰু উপশমকাৰী ঔষধ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় যোগাযোগৰ ওপৰত এদিনীয়া কৰ্মশালা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ বিষ আৰু উপশমকাৰী ঔষধ বিভাগৰ উদ্যোগত ১৩ ছেপ্তেম্বৰ, ২০২২ তাৰিখে অনুষ্ঠিত হয় যোগাযোগৰ ওপৰত এখন এদিনীয়া কৰ্মশালা । কৰ্মশালাখনৰ মূল উদ্দেশ্য অনুসৰি, যোগাযোগৰ কলা হৈছে নেতৃত্বৰ ভাষা ।

Advertisment

কৰ্মশালাখনত চহৰখনৰ বিভিন্ন সংগঠনৰ চিকিৎসক, নাৰ্ছ আৰু স্বেচ্ছাসেৱকসকলক লৈ গঠিত প্ৰায় ৫০ জন অংশগ্ৰহণকাৰী উপস্থিত আছিল । গুৱাহাটীৰ এছ চি আই ৰ সঞ্চালক ডাঃ বি চি গোস্বামীয়ে অংশগ্ৰহণকাৰীসকলক আদৰণি জনায় আৰু তাৰ পিছত যোগাযোগৰ বিভিন্ন দিশৰ ওপৰত কেইবাটাও শৈক্ষিক বক্তৃতা প্ৰদান কৰে ডাঃ দিনেশ গোস্বামী, ডাঃ অৰুণ ডেকা, ডাঃ দীপাংকৰ ডাকুৱা, ডাঃ নিবেদিতা উপমন্যু, ডাঃ শান্তনা দেৱচৌধুৰী, ডাঃ প্ৰিয়াক্ষী বৰকটকী আৰু ডাঃ কাবেৰীয়ে ।

এই শৈক্ষিক বক্তৃতাৰ সমাপ্তিৰ পিছত অংশগ্ৰহণকাৰী আৰু পৰিষদৰ সদস্য সকলৰ দ্বাৰা চৰিত্ৰ ৰূপায়নৰ এটি কাৰ্যসূচী হাতত লোৱা হৈছিল । কৰ্মশালাৰ অন্তত ডাঃ দেৱজিৎ চৌধুৰীয়ে (অতিৰিক্ত, এছচিআই) ধন্যবাদ জ্ঞাপন কৰে আৰু অংশ গ্ৰহণকাৰীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰে ।

assam gmch