Advertisment

মধুপুৰ সত্ৰত ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ পাণ্ডুলিপি সংৰক্ষণ কৰ্মশালা

কোচবিহাৰৰ মধুপুৰ সত্ৰত ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱা ১৭ আৰু ১৮ ডিচেম্বৰ তাৰিখে এখন পাণ্ডুলিপি সংৰক্ষণ কৰ্মশালা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
মধুপুৰ সত্ৰত ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ পাণ্ডুলিপি সংৰক্ষণ কৰ্মশালা

ডিজিটেল সংবাদ, বিলাসীপাৰা: কোচবিহাৰৰ মধুপুৰ সত্ৰত ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱা ১৭ আৰু ১৮ ডিচেম্বৰ তাৰিখে এখন পাণ্ডুলিপি সংৰক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ পৃষ্ঠপোষক তথা মধুপুৰ সত্ৰৰ বুঢ়াসত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই এই কৰ্মশালা খন উদ্বোধন কৰে।

Advertisment

কৰ্মশালাখনত নৃকুল গ্ৰন্থাগাৰ সংস্থাই বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা পাণ্ডুলিপি সমূহ পৰিষ্কাৰ কৰা হয় আৰু বিজ্ঞান সন্মত ভাবে সংৰক্ষণৰ দিহা কৰা হয়। কৰ্মশালাখনত মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ পিতাম্বৰ ৰায়,সত্ৰখনৰ বুঢ়াভকত ৰাম আতৈ,ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ আহ্বায়ক ড০হৰিচৰণ দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে ২০১৮ চনত মধুপুৰ সত্ৰত ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থা প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰে পৰা সংস্থাটোৱে পাণ্ডুলিপি উদ্ধাৰ, সংৰক্ষণ আৰু গৱেষণাৰ বাবে কাম কৰি আহিছে।

আৰু পঢ়ক: কাৰ্গিলৰ প্ৰথম ছহিদ পাৰ্বতীচৰণ দাসৰ 

assam bilashipara