/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/fsf.jpg)
ডিজিটেল সংবাদ, যোৰহাট: ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প (নাহেপ) ৰ অৰ্থ সাহাৰ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ত সোমবাৰৰ পৰা অনুজীৱ বৈজ্ঞানিক ব্যাঘাত ব্যৱস্থাপনাৰ দ্বাৰা শস্য পৰজীৱিৰ জৰিয়তে মাটিৰ গুণাগুণ বৃদ্ধি বিষয়ক এখন স্কীল ডেভলপমেন্টৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ হৈছে ।
বিশ্ববিদ্যালয়ৰ শস্য কৃমি বিভাগৰ উদ্যোগত অনুষ্ঠিত আৰু বিভাগৰ মুৰব্বী ড° ভবেশ ভাগৱতীয়ে আদৰণি ভাষণ আগবঢ়োৱা কৰ্মশালাৰ আৰম্ভনি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই অংশগ্ৰহণ কৰে ।
ভাষণ প্ৰসংগত তেখেতে জৈৱিক ব্যৱস্থাৰে শস্যকৃমিৰ ব্যৱস্থাপনাৰ দ্বাৰা ক্ষুদ্ৰ পৰিসৰৰ কেপচ্যুল উদ্ভাৱনৰ দিশত মনোনিবেশ কৰিবলৈ আহ্বান জনাই । এই দিশত গৱেষণা তথা উৎকৰ্ষতাৰ ক্ষেত্ৰত গুৰুত্ব বৃদ্ধি পোৱা বুলি উল্লেখ কৰে । স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ ৩০ গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই কৰ্মশালাত আই আই এইছ আৰ(IIHR) বাংগালোৰৰ মুৰব্বী অধ্যাপক ড° এম এছ ৰাও আৰু আই এ আৰ আই (IARI) নতুন দিল্লীৰ মুখ্য বিজ্ঞানী ড° টি কে দত্তই মুখ্য সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰিব ।
কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই কৰ্মশালাৰ বিষয়ে সবিশেষ বাখ্যা আগবঢ়োৱা আৰম্ভনি অনুষ্ঠানত নাহেপৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সমন্বয়ক ড° কিশোৰ কুমাৰ শৰ্মা ,মুৰব্বী অধ্যাপকসকল ড° পলাশ দেৱনাথ , ড° সমিন্দ্ৰ বৈশ্য, ড° কল্যাণ পাঠক আৰু ড° বাদল ভট্টাচাৰ্যয়ো অংশ গ্ৰহণ কৰে ।অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই ড° নিবেদিতা বৰগোহাইয়ে ।
আৰু পঢ়ক: থানাত অগ্নি সংযোগত জড়িত ২০ জনক চিনাক্ত, ৬ জনক আৰক্ষীৰ জিম্মালৈ