নুমলীগড় শোধনাগাৰত অসম মটৰ চালক সন্থাৰ প্ৰতিবাদ

দীৰ্ঘদিন ধৰি চালক সকলে নিজৰ প্ৰাপ্য সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে।  এন আৰ এলৰ কৰ্তৃপক্ষক বাৰে বাৰে দাবী জনাই অহাৰ পিছতো কোনোধৰনৰ গুৰুত্ব আৰোপ নকৰা অভিযোগ প্ৰতিবাদকাৰীৰ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
NRL

NRL

ডিজিটেল সংবাদ, নুমলীগড়: নুমলীগড় শোধনাগাৰত অসম মটৰ চালক সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ। অসম মটৰ চালক সন্থাৰ এন আৰ এল শাখাই  শোধনাগাৰৰ প্ৰগতি গেটৰ সন্মূখত হাতত লয় এই প্ৰতিবাদী কায্যসূচী। শ্ৰম আইনৰ অধীনত চালকৰ মজুৰি বৃদ্ধিৰ দাবীৰে অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে মটৰ চালক সন্থা।

Advertisment

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি চালক সকলে নিজৰ প্ৰাপ্য সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে।  এন আৰ এলৰ কৰ্তৃপক্ষক বাৰে বাৰে দাবী জনাই অহাৰ পিছতো কোনোধৰনৰ গুৰুত্ব আৰোপ নকৰা অভিযোগ প্ৰতিবাদকাৰীৰ। যাৰবাবে ক্ষোভত প্ৰতিবাদকাৰীয়ে এন আৰ এলৰ ভিতৰত সকলোধৰনৰ সৰু ডাঙৰ গাড়ীৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এন আৰ এলৰ কৰ্তৃপক্ষই দাবীসমূহ মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ চলি থাকিব বুলি জনায় মটৰ চালক সন্থাই। 

protest nrl