কাঠ ছিণ্ডিকেটৰ  নায়ক বুবুল নিৰ্মলীয়া সহ এজনক আটক …

কাঠ ছিণ্ডিকেটৰ  নায়ক বুবুল নিৰ্মলীয়া সহ এজনক আটক …

author-image
asomiyapratidin
New Update
কাঠ ছিণ্ডিকেটৰ  নায়ক বুবুল নিৰ্মলীয়া সহ এজনক আটক …

ডিজিটেল সংবাদ, নামৰূপ: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হোৱা বন ধ্বংসৰ বিষয়ে  কেইবাখনো প্ৰতিবেদন  প্ৰকাশ হোৱাৰ পিছত এতিয়া বন বিভাগে উপায়ন্তৰ হৈ দিহিং পাটকাইত চলাইছে ব্যাপক অভিযান। বন বিভাগে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অভয়পুৰ অঞ্চলত নাহৰকটীয়াৰ খণ্ড বন বিষয়া বাস্তৱ বৰকটকীৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা বৃহৎ দলে অভিযান চলাই এজোপা বৃহৎ আকাৰৰ তিতাচঁ‌পা গছ কাটি তাৰ কাঠ ফালি থকা অৱস্থাতে অভয়পুৰ অঞ্চলৰ বাসিন্দা প্ৰয়াত চুলি ওৰাঙৰ পুত্ৰ জিকিৰ ওৰাঙক হাতে-লোটে ধৰিবলৈ সক্ষম হয়।

Advertisment

ধৃত জিকিৰক বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ অধীনত জেপি-১৩ নম্বৰৰ এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে। ইফালে কালি গধুলি ধৃত জিকিৰৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশা  বুবুল নিৰ্মলীয়া নামৰ কাঠ ছিণ্ডিকেটেৰ  নায়ক এজনক বন বিভাগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখৰ প্ৰয়োজন যে এইদৰে হাজিৰাৰ বিনিময়ত গছ কটা ব্যক্তি জিকিৰৰ স্বীকাৰোক্তিৰ ভিত্তিত কাঠ মাফিয়াৰ মূল নায়ক বুবুল নিৰ্মলীয়াক কৰায়ক্ত কৰি জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ত জেৰা কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে। শুকুৰবাৰে জয়পুৰ আঞ্চলিক বন বিষয়া গৰাকীৰ পৰা জানিব পৰা  মতে  জেৰাত  নিৰ্মলিয়াই  বহুজনৰ নাম লোৱা বুলি উল্লেখ কৰে।

জানিব পৰা মতে এই কাঠৰ চিণ্ডিকেট চলাবলৈ অভয়পুৰৰ একেবাৰে ভিতৰৰ অঞ্চলত বনাঞ্চলৰ কাষতে হেমন্ত দুলা কাষৰীয়াৰ মাটিত অবৈধভাৱে এখন ধাবা খুলি এই চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই আছিল এই বুবুল নিৰ্মলীয়া নামৰ ব্যক্তি জনে। আনহাতে  বনাঞ্চলৰ নিচেই কাষতে একাংশই খুলিছে ছাগলী ফাৰ্ম।

কছাৰী পথাৰ  অভয়পুৰৰ ভিতৰত থকা ফাৰ্নিছাৰ দোকান কেইখনো সন্দেহৰ অৱৰ্তত নথকা নহয়।   ইফালে নামৰূপ থাৰমেলৰ দিশে বনাঞ্চলৰ সমীপতে বাস কৰা ৰাইজৰ ভাষ্য মতে  জংঘলত কাঠ কটা মেচিনৰ শব্দ ঘৰলৈকে শুনা পোৱা যায়। 

উল্লেখ্য যে শেহতীয়াকৈ ৩৫/৪০ জোপা হোলোং,মেকাই কাটি ইয়াৰে প্ৰায় ১০ জোপামান অৰুণাচলৰ দিশে লৈ যোৱাৰ ঘটনাও পোহৰলৈ আহিছে।কালি বন বিভাগে জব্দ কৰা ১৪ ফুট বৃত্তাকাৰৰ প্ৰকাণ্ড তিতাচঁপা গছজোপা , জিকিৰ ওৰাঙক গ্ৰেপ্তাৰ কৰা আৰু জিকিৰৰ স্বীকাৰোক্তিৰ ভিত্তিত বুবুল নিৰ্মলীয়াক আটক কৰা ঘটনাই প্ৰমাণ কৰিছে যে বনাঞ্চল খনত ধাৰাসাৰে অবাধ হাৰত বন ধ্বংসযজ্ঞ চলাই এচাম অসাধু কাঠ মাফিয়াই  চোৰাং কুণ্ডাৰ ৰমৰমীয়া বেহা চলাই নিজৰ জেপ গৰম কৰি আহিছে।

সততে হাতী বাঘৰ   সন্ত্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ দুৰ্ভোগ ভোগা ৰাইজে ফোন কৰিলেও ফোন ৰিচিভ নকৰা  নামৰূপৰ খণ্ড বন বিষয়া গৰাকীয়ে এই বুবুল নিৰ্মলীয়াৰ ফোণত  ঘন্টাজুৰি কথা পতাৰ তথ্য পোৱা গৈছে বুলি জানিব পৰা গৈছে। গতিকে এই কথাই প্ৰমাণ কৰিছে যে বন বিভাগৰ এনে দুৰ্নীতিপৰায়ণ বিষয়াৰ এনে বন মাফিয়াৰ সৈতে গোপন মিতিৰালি থকাৰ বাবেই অনায়াসে ব্যাপক হাৰত বনধ্বংস চলি আহিছে। বন বিভাগৰ এনে তাৎক্ষণিক পদক্ষেপ প্ৰশংসাৰ পাত্ৰ যদিও এনে দুৰ্নীতিপৰায়ণ বন বিষয়াৰ ওপৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ'ব।

আৰু পঢ়ক: কাছ সহ হাতে-লোটে আটক এটা চোৰাং চিকাৰী

assam namrup