/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ বনাঞ্চল ধ্বংসকাৰী বন মাফিয়া সকলে চোৰাং কাঠ সৰবৰাহ কৰিবলৈ নতুন নতুন পদ্ধতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে বিশেষ সুত্ৰৰ পম খেদি চিৰাঙৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ দাদগিৰিত বনবিভাগ আৰু এচএচবিৰ যৌথ অভিযান চলাই ভূটানত পঞ্জীয়নভুক্ত BP -3-A0781 নম্বৰৰ এখন ডাম্পাৰ জব্দ কৰে ।
পাছত অভিযানকাৰী দলটোয়ে ডাম্পাৰ খন তালাচী চলোৱাত ডাম্পাৰ খনত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ উদ্ধাৰ কৰে । জব্দ কৰা চোৰাং কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় চাৰি লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে ।
আজিৰ এই অভিযান সন্দৰ্ভত চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে কয় যে ভাৰতীয় সীমাত সাধাৰণত ভূটানী যানবাহন সমূহৰ তালাচী চলোৱা নহয়, তাৰে সুযোগ গ্ৰহণ কৰি অঞ্চলটোৰ বনমাফিয়া সকলে বনবিভাগ আৰু আৰক্ষীৰ চকু ফাঁকি দিবলৈ এতিয়া ভূটানৰ পঞ্জীয়নভুক্ত বাহন সমূহত চোৰাং কাঠ সৰবৰাহ কৰা পৰিলক্ষিত হৈছে । চোৰাং কাঠখিনি বাংলাদেশলৈ চালান কৰাৰ সন্দেহ প্ৰকাশ কৰা কৰিছে বনবিভাগৰ লোকে । এই সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই ।
আৰু পঢ়ক: প্ৰেয়সীৰ বাবে আত্মহত্যা, বন্ধুক বচাবলৈ গৈ মৃত্যু আন এজন বন্ধুৰ…