/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/wood.jpg)
ডিজিটেল সংবাদ, শিলচৰ: চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে চৰকাৰ কঠোৰ পদক্ষেপ লোৱাৰ পিছতো কাছাৰত অব্যাহত আছে বিভিন্ন সামগ্ৰীৰ চোৰাং ব্যৱসায় ৷
গোপন তথ্যৰ ভিত্তিত বন বিভাগে অভিযান চলাই ধলাই সমষ্টিৰ ভাগাবজাৰ ৰাজঘাটৰ পৰা বুজণ পৰিমাণৰ মুল্যবান চেগুন কাঠ উদ্ধাৰ কৰাৰ পিচত পোহৰলৈ আহিছে এই তথ্য৷ হাৱাইথাঙৰ ৰেঞ্জাৰ উত্তমানন্দ গোস্বামীৰ নেতৃত্বত বন বিভাগৰ দল এটাই চোৰাং ব্যৱসায়ী নাছিৰ বৰভুঞাৰ ঘৰত নিশা অভিযান চলাই জব্দ কৰে এই চেগুন কাঠখিনি ৷
জব্দ কৰা কাঠৰ পৰিমাণ দুশ চিএফটি আৰু ইয়াৰ মূল্য তিনি লাখ টকা হব বুলি সদৰী কৰিছে ৰেঞ্জাৰ ইউ গোস্বামীয়ে৷ ইফালে, বন বিভাগৰ দলটো হাজিৰ হোৱাৰ পুৰ্বেই পলায়ন কৰে নাছিৰ বৰভুঞা ৷
আৰু পঢ়ক: অলিম্পিক পদক বিজেতা লাভলীনা বৰগোহাঁইলৈ 'ৰণাংগন সন্মান-২০২২'