চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত বন ধ্বংস অব্যাহত

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত বৃহৎ আকাৰৰ মূল্যবান গছ-গছনি কাটি তহিলং কৰি বনধ্বংস কাৰ্য্য অব্যাহত আছে।
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত বন ধ্বংস অব্যাহত

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত বৃহৎ আকাৰৰ মূল্যবান গছ-গছনি কাটি তহিলং কৰি বনধ্বংস কাৰ্য্য অব্যাহত আছে। দেওবাৰে বন বিভাগৰ লোকে চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে ।

বন বিভাগৰ লোকে সদৰি কৰা মতে এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত আজি পুৱতি নিশা বন বিভাগৰ লোকে ৰুনীখাতা ৰেঞ্জৰ অধীনস্থ দাউকাবাহা আৰু খুংগ্ৰীং অঞ্চলত অভিযান চলায় । বনবিভাগৰ লোক অহাৰ উমান পাই চোৰাং কাঠ সৰবৰাহকাৰীৰ দলৰ সদস্য সকলে পলায়ন কৰে । পিছত ঘটনাস্থলীৰ পৰা ট্ৰেক্টৰ সহ বৃহৎ আকাৰ গছৰ কুন্দা লগতে বুজন পৰিমানৰ ফলা কাঠ জব্দ কৰে ।

পিছত বনবিভাগৰ লোকে জব্দ কৃত চোৰাং কাঠখিনি বেংতলৰ বিট কাৰ্য্যালয়ত লৈ যায় । জব্দ কৰা চোৰাং কাঠ খিনিৰ বজাৰ মূল্য পাঁচ লক্ষাধিক টকা হব বুলি অনুমান কৰা হৈছে । ইয়াৰ পুৰ্বেও বন বিভাগে উচ্ছেদ চলোৱা ঠাইৰ পৰা বহু লক্ষাধিক টকা মুল্যৰ চোৰাং কাঠ জব্দ কৰিছিল। বিটিআৰ প্ৰশাসনে সংৰক্ষিত বনাঞ্চল ৰক্ষা কৰাৰ বাবে সময়ে সময়ে অভিযান চলাই বেদখলমুক্ত কৰাৰ চেষ্টা চলাই আছে ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে জিলাখনত এফালে চলি আছে বন বিভাগৰ উচ্ছেদ অভিযান অইনফালে বন মাফিয়া সকলে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰি বিনা বাধাই মূল্যবান গছ-গছনি কাটি চোৰাং কাঠৰ সৰবৰাহ অব্যাহত ৰাখিছে। বিগত সময়ছোৱাত মৰণক শৰণ দি বনবিভাগৰ লোকে কেইবাজনো কুখ্যাত বনমাফিয়াক আটক কৰি পিছত জেললৈ প্ৰেৰণ কৰিছিল ।

দুৰ্ভাগ্যজনক কথা যে ভাৰতবৰ্ষ তথা অসমত ধ্বংসমুখী বনাঞ্চল ৰক্ষাৰ কাৰণে কঠোৰ আইন নথকাৰ বাবেই বন মাফিয়া সকলে কিছুদিন পিছত জেলৰ পৰা ওলাই আহি পুনৰ বনধ্বংসৰ কামত নামি পৰে বুলি প্ৰকৃতিপ্ৰেমী লোক সকলে অভিযোগ কৰে । সম্প্ৰতি চিৰাঙত বন ধ্বংসৰ আন এটা কাৰণ হিচাপে চিহ্নিত হৈছে চৰকাৰী বাৱে প্ৰদান কৰা কাঠফলা মিল সমূহ । চৰকাৰী নথিপত্ৰ মতে মিলবোৰত মানুহৰ পট্টাথকা ভূমিৰ উৰ্দ্ধতম দহ ইঞ্চি ব্যসাৰ্দ্ধৰ গছৰ কুন্দা কাটিব পাৰিব কিন্তু চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এলেকাত থকা চৰকাৰী অনুজ্ঞাপত্ৰধাৰী অধিকাংশ কাঠ ফলা মিলতে সংৰক্ষিত বনাঞ্চলৰ পৰা কাটি অনা গছ ফলা হয় ।

একাংশ দুৰ্নীতিগ্ৰস্থ বনবিষয়া-কৰ্মচাৰীৰ সৈতে গোপনে মিতিৰালি কৰি কাঠফলা মিলৰ মালিক সকলে এই দুষ্কাৰ্য চলাই থকাৰ তথ্য পোহৰলৈ আহিছিল। যাৰ কাৰণে অবৈধ ভাৱে বনাঞ্চলৰ পৰা গছৰ কুন্দা মজুত কৰি কাটি থকাৰ অপৰাধত চিৰাঙৰ বনবিভাগৰ লোকে দুখনকৈ চৰকাৰী অনুজ্ঞাপত্ৰ থকা কাঠফলা মিলৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছিল। এতিয়া একমাত্ৰ টকাৰ বাবেই চিৰাঙৰ সংৰক্ষিত বনাঞ্চলত বনধ্বংসৰ কাৰ্য্যত জড়িত বনমাফিয়া সকলক একাংশ ৰাজনৈতিক মদতপুষ্ট লোকে ইন্ধন যোগাই আছে ।

যাৰ কাৰণেই এতিয়াও অবাধে বনধ্বংশৰ ধৰে গৰ্হিত কাম চলাই যাব পাৰিছে বুলি অভিযোগ উত্থাপন কৰে চিৰাঙৰ অবৈতনিক বন্যপ্ৰাণী সংৰক্ষক জয়ন্ত দেৱনাথে। তদুপৰি গছ কাটি অনাৰ পিছত সেই কাঠ জব্দ কৰি বাঃবাঃ লোৱাৰ মানসিকতা এৰি বনাঞ্চলত গছ কটাৰ আগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বনবিভাগৰ লোকক আহ্বান জনায় জয়ন্ত দেৱনাথে ।

আৰু পঢ়ক: অৱশেষত ১৩ দফীয়া দাবী মানি ল'লে পেমা খান্দু চৰকাৰে : বন্ধ প্ৰত্যাহাৰ প্ৰতিবাদকাৰীৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in