লামডিঙত বহিঃৰাজ্যৰ মহিলা চোৰৰ দলৰ সন্ত্ৰাস...

লামডিঙত উৰিষ্যাৰ মহিলা চোৰৰ বৃহৎ নেটৱৰ্ক ৷ এই মহিলা চোৰৰ দলটোৰ এজনী দুজনী নহয় মুঠ ১৩ গৰাকীকৈ অভিযুক্ত পৰিল আৰক্ষীৰ জালত
লামডিঙত বহিঃৰাজ্যৰ মহিলা চোৰৰ দলৰ সন্ত্ৰাস...

ডিজিটেল সংবাদ, লামডিংঃ ক্ৰমাৎ লামডিঙত বৃদ্ধি পাইছে চিলনী চোৰৰ উপদ্ৰৱ ৷ এইবাৰ বহিঃৰাজ্যৰ চোৰে লামডিঙত চলাইছে সন্ত্ৰাস ৷ লামডিঙত উৰিষ্যাৰ মহিলা চোৰৰ বৃহৎ নেটৱৰ্ক৷

এই মহিলা চোৰৰ দলটোৰ এজনী দুজনী নহয় মুঠ ১৩ গৰাকীকৈ অভিযুক্ত পৰিল আৰক্ষীৰ জালত৷ লামডিংৰ ঝুলনপুলত চলি থকা ৰাম ঠাকুৰৰ ৬৬ তম বন উৎসৱত চিলনী চোৰে চলাইছিল সন্ত্ৰাস ৷ ভিৰৰ সুযোগ গ্ৰহণ কৰি প্ৰায় ১০ গৰাকীৰো অধিক মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াৰ বিপৰীতে বহুতৰ পৰা মানি পাৰ্চ পৰ্যন্ত কাঢ়ি নিয়ে ৷

এই ঘটনাৰ পিছতেই লামডিং আৰক্ষী তৎপৰ হৈ ১২গৰাকী মহিলাসহ এজন যুৱকক আটক কৰিছে৷ আৰক্ষীৰ ভাষ্য অনুসৰি এই দলটো উৰিষ্যাৰ এটা বৃহৎ চোৰৰ দল৷ দলটোৱে বিভিন্ন সময়ত বিভিন্ন অঞ্চলত ভিৰৰ সুযোগ গ্ৰহণ কৰি বহু দিন ধৰি চুৰি কাৰ্য্য সম্পন্ন কৰে ৷

লামডিং আৰক্ষী আৰু ৰাইজৰ তৎপৰতাত কৰায়ত্ত হয় বৃহৎ চোৰৰ নেটৱৰ্কটো ৷ এই দলটোৰ লগত বহুতো লোক জড়িত থকাৰ সন্দেহ কৰিছে লামডিং আৰক্ষীয়ে ৷

লামডিঙত বহিঃৰাজ্যৰ মহিলা চোৰৰ দলৰ সন্ত্ৰাস...
মূলসুঁতিলৈ উভতিল অৰুণাচলৰ ই এন এন জি বিদ্ৰোহী সংগঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in