মূলসুঁতিলৈ উভতিল অৰুণাচলৰ ই এন এন জি বিদ্ৰোহী সংগঠন...

অৰুণাচল প্ৰদেশৰ এটি বিদ্ৰোহী সংগঠনৰ সশস্ত্ৰ সংগ্ৰামৰ অন্ত পৰিছে । দেওবাৰে ইষ্টাৰ্ণ নগা ৰাষ্ট্ৰীয় চৰকাৰৰ নামৰ বিদ্ৰোহী সংগঠনটোৰ সভাপতি টোছা মোছাংকে ধৰি পোন্ধৰজন শীৰ্ষ কেডাৰে আত্মসমৰ্পন কৰে

author-image
Asomiya Pratidin
New Update
মূলসুঁতিলৈ উভতিল অৰুণাচলৰ ই এন এন জি বিদ্ৰোহী সংগঠন...

মূলসুঁতিলৈ উভতিল অৰুণাচলৰ ই এন এন জি বিদ্ৰোহী সংগঠন...

ডিজিটেল সংবাদ, বেকাজানঃ অৰুণাচল প্ৰদেশৰ এটি বিদ্ৰোহী সংগঠনৰ সশস্ত্ৰ সংগ্ৰামৰ অন্ত পৰিছে । অৰুণাচল প্ৰদেশ আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ প্ৰচেষ্টাত দেওবাৰে ইষ্টাৰ্ণ নগা ৰাষ্ট্ৰীয় চৰকাৰৰ নামৰ বিদ্ৰোহী সংগঠনটোৰ সভাপতি টোছা মোছাংকে ধৰি পোন্ধৰজন শীৰ্ষ কেডাৰে আত্মসমৰ্পন কৰে।

Advertisment
মূলসুঁতিলৈ উভতিল অৰুণাচলৰ ই এন এন জি বিদ্ৰোহী সংগঠন...
মূলসুঁতিলৈ উভতিল অৰুণাচলৰ ই এন এন জি বিদ্ৰোহী সংগঠন...

ইটানগৰত অনুষ্ঠিত হোৱা ঘৰলৈ ওভতা শীৰ্ষক এক অনুষ্ঠানত আত্মসমৰ্পণ কৰে টোছাসহ কেডাৰসকলে । অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মীন, অসম ৰাইফলছ মহাপৰিদৰ্শক, অৰুণাচলৰ ডিজিপি সতীশ গোলচা, কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিষয়া আদিৰ উপস্থিতিত কেডাৰসকলে বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু বিশাল গোলাবাৰুদৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ওচৰত আত্মসমৰ্পণ কৰে।

শেহতীয়াকৈ গোটটোৰ সকলো সদস্যই ইতিমধ্যে চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে । ই এন এন জিৰ পোন্ধৰজন কেডাৰে আত্মসমৰ্পণ কৰি টিৰাপ, চাংলাং আৰু লংডিং (টি চি এল) অঞ্চলত সাত বছৰীয়া বিদ্ৰোহৰ অন্ত পেলাইছে।

উল্লেখযোগ্য যে টিৰাপ, চাংলাং, অৰুণাচল প্ৰদেশৰ লংডিং জিলা আৰু ম্যানমাৰৰ পূব নগা নগাসকলৰ দাবীৰ লক্ষ্যৰে ২০১৫ চনত টোছা মোছাঙে ই এন এন জি অৰ্থাৎ ইষ্টাৰ্ণ নাগা নেচনেল গভৰ্মেণ্টৰ বিদ্ৰোহী সংগঠনটো গঠন কৰিছিল। আত্মসমৰ্পণ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে প্ৰশংসা কৰে।

লগতে তেখেতে কয় যে ৰাজ্যত আত্মসমৰ্পণ কৰা বিদ্ৰোহী সংগঠনৰ সদস্যসকলক সংস্থাপন দিয়া হ’ব। কেডাৰসকলৰ সংস্থাপনৰ প্ৰত লক্ষ্য ৰাখি আগন্তুক বিত্তীয় বৰ্ষৰ বাবে ৫ কোটি টকাৰ আবণ্টন দিছে । যাতে বিপথে পৰিচালিত যুৱক-যুৱতীসকলক হিংসাৰ পৰা আঁতৰি আহি মূলসুঁতিত যোগদান কৰিব পাৰে ।

Also Read: প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল : আঁৰত কোন আছিল...

#HOMECAMINGCEREMONY #ENNGGROUP #PREMAKHANDU #ARUNACHALPRADESH