নাৰী দেহ ব্যৱসায়ী আটকঃ বহিঃ ৰাজ্যত বিক্ৰী কৰিলে বহু যুৱতী !

নাৰী দেহ ব্যৱসায়ী আটকঃ বহিঃ ৰাজ্যত বিক্ৰী কৰিলে বহু যুৱতী !

author-image
Asomiya Pratidin
New Update
নাৰী দেহ ব্যৱসায়ী আটকঃ বহিঃ ৰাজ্যত বিক্ৰী কৰিলে বহু যুৱতী !

নাৰী দেহ ব্যৱসায়ী আটকঃ বহিঃ ৰাজ্যত বিক্ৰী কৰিলে বহু যুৱতী !

ডিজিটেল ডেস্কঃ ৰাজ্যত সক্ৰিয় হৈ আছে নাৰী দেহ ব্যৱসায়ী চক্ৰ। কৰ্ম সংস্থাপনৰ অচিলাৰে ৰাজ্যৰ পৰা একাংশ যুৱতীক বহিৰাজ্যলৈ নি দেহ ব্যৱসায়ী চক্ৰৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।

Advertisment

সমান্তৰালকৈ আন একাংশই আকৌ প্ৰেমৰ চলেৰে যুৱতীক বিয়া কৰায়ো বহিৰাজ্যৰ দেহ ব্যৱসায় চক্ৰৰ হাতত গতাই দিয়াৰ উদাহৰণো বিগত সময়ত বহু কেইটা আছে। তেনে এক ঘটনাৰে জড়িত এটা নাৰী দেহ ব্যৱাসায়ীক জোৰশিমুলীৰ লাৰুৱাজানত ৰাইজে আটক কৰিছে।

আটকাধীন দেহব্যৱসায়ীটোৰ নাম জিয়াৰুল হক। জিয়াৰুল হকৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী মহিলাকো। অভিযোগ অনুসৰি জিয়াৰুলে এগৰাকী মহিলাৰ সৈতে লগ যুৱতীক বহিৰাজ্যত বিক্ৰী কৰি আহিছে।

এই কথা জিয়াৰুলে ৰাইজৰ আগত স্বীকাৰ কৰিছে বুলিও স্থানীয় ৰাইজে দাবী কৰিছে। তেওঁলোকৰ মতে যোৱা প্ৰায় ৫ বছৰে তেওঁ এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। ছয়গাওঁ, গৰৈমাৰী অঞ্চলত দেহ ব্যৱসায়ৰ এখন ৰমৰমীয়া বজাৰ মেলি লোৱা এই জিয়াৰুল নামৰ যুৱকজনে দেহ ব্যৱাসায়ত জড়িত যুৱতী, মহিলা যোগান ধৰাৰ নামত ৫০০ টকাকৈ আদায় লৈ মধ্যভোগীৰ ভূমিকা গ্ৰহণ কৰি আহিছে।

ইয়াৰোপৰি তেওঁ বহিৰাজ্যত কৰ্ম সংস্থাপনৰ সুযোগ দিয়াৰ নামত বহু যুৱতী, মহিলাক নি দেহ ব্যৱসায় চক্ৰৰ হাতত গতাই দিয়ে। ৰাইজৰ অভিযোগ অনুসৰি জিয়াৰুলে একাধিক যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে।

এই প্ৰেমৰ সম্পৰ্কৰ পৰিণতিত বিয়াত বহা যুৱতীকে তেওঁ বহি ৰাজ্যত নি বিক্ৰী কৰিছে। ইতিমধ্যে তেনেদৰে বহিৰাজ্যত বিক্ৰী কৰা যুৱতী উদ্ধাৰো হৈছে। জানিব পৰা মতে জিয়াৰুল হকৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন স্থানৰ আৰক্ষী থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছে।

Also Read: ঢকুৱাখনা আৰক্ষীৰ জালত অৰুণাচলী সুৰা বেপাৰী...

অপৰাধ ছয়গাওঁ