ঢকুৱাখনা উন্নয়ন খণ্ডত মহিলাৰ  প্ৰতিবাদ,গেৰুৱা দলৰ এজেণ্টৰ ৰূপত বি পি এম জেচমিন দলে…

ঢকুৱাখনা উন্নয়ন খণ্ডত মহিলাৰ  প্ৰতিবাদ,গেৰুৱা দলৰ এজেণ্টৰ ৰূপত বি পি এম জেচমিন দলে…

author-image
asomiyapratidin
New Update
ঢকুৱাখনা উন্নয়ন খণ্ডত মহিলাৰ  প্ৰতিবাদ,গেৰুৱা দলৰ এজেণ্টৰ ৰূপত বি পি এম জেচমিন দলে…

ডিজিটেল সংবাদ ,ঢকুৱাখনা :   অসম ৰাজ্যিক গ্ৰামীণ জীৱন জীৱিকা অভিযানৰ ঢকুৱাখনা  উন্নয়ন খণ্ডৰ
কাৰ্যালয়ত ক্ষুব্ধ প্ৰবঞ্চিত মহিলাই শুকুৰবাৰে  বিয়লি ৰুদ্ৰমূৰ্তি ধাৰণ কৰে ।  গ্ৰামীণ জীৱন জীৱিকা অভিযানৰ অন্তৰ্গত এম জি এন ৰেগা আঁচনিৰ  পৰ্যবেক্ষনৰ বাবে অস্থায়ী ভিত্তিক নিযুক্তিৰ নামত নিৰ্লজ গেৰুৱাকৰণৰ প্ৰতিবাদত ক্ষুব্ধ মহিলাই শুক্ৰবাৰে উত্তাল কৰে কাৰ্যালয় কক্ষ ।  সাব্যস্ত কৰে সুদীর্ঘ সময় ধৰি সংঘবদ্ধ প্ৰতিবাদ।

Advertisment

ক্ষুব্ধ মহিলা সকলে জনোৱা মতে  ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ ১২  খন গাঁও পঞ্চায়তৰ  পৰা গ্ৰাম্য মহিলা সকলক এম জি এন ৰেগা আঁচনিৰ চুপাৰভাইজাৰ পদত  নিযুক্তিৰ বাবে সংশ্লিষ্ট  ভি অ' গোট সমূহৰ পৰা ৪ গৰাকী কৈ  আগ্ৰহী মহিলাৰ নাম তালিকা  প্ৰেৰণৰ নিৰ্দেশ দিছিল  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে। কিন্তু  গ্ৰামীণ মহিলা সকলৰ অস্থায়ী নিযুক্তিৰ এই চৰকাৰী পদক্ষেপত আউল লগালে ঢকুৱাখনা বিজেপি দল আৰু দলৰ এজেন্ট হিচাবে খণ্ডটোত চাকৰি কৰি অহা বি পি এম জেচমিন দলেয়ে ।

বিভাগীয় আঁচনি মানেই পৈত্রিক সম্পত্তি গণ্য কৰা গেৰুৱা দলটোৰ একাংশ নেতাই এই নিযুক্তি আৰু সাক্ষাৎকাৰ পৰ্বত দলীয় ভাৱে  প্ৰস্তুত কৰা নাম তালিকাক অগ্ৰাধিকাৰ দি  বি পি এম জেচমিন দলেৰ জৰিয়তে এই অবৈধ প্ৰক্ৰিয়া শুক্ৰবাৰে কাৰ্যত ৰূপ দিয়ে ।  সেই উদ্দেশ্যেৰে শুক্ৰবাৰে  গোপনে  আৰু অবৈধ ভাৱে বিভাগীয় কাৰ্য্যালয়ত  বি পি এমৰ উপস্থিতিত গেৰুৱা দলে প্ৰস্তুত কৰা নাম তালিকাৰ নথিপত্ৰ পৰীক্ষণ আৰম্ভ হয় ।

এই সন্দৰ্ভত  বিধিগত ভাবে আবেদন কৰা  মহিলা সকলে অভিযোগ কৰা মতে  সংশ্লিষ্ট ভি অ গোট সমূহে নীতিগত ভাবে প্ৰেৰণ কৰা নাম তালিকাক গুৰুত্ব নিদি খণ্ডটোৰ  ভি অ' গোট সমূহ আৰু আবেদনকাৰী সকলৰ অজ্ঞাতে  স্বাৰ্থপৰ  দলীয় নেতৃত্বই  প্ৰস্তুত কৰা তালিকাৰহে নথিপত্ৰ পৰীক্ষণ পৰ্ব দুপৰীয়া আৰম্ভ কৰে । এই  অবৈধ প্ৰক্ৰিয়াৰ সন্দৰ্ভত আবেদনকাৰী মহিলা সকলে জানিব পাৰি ৫ খন পঞ্চায়তৰ  শতাধিক মহিলা বিভাগীয় কাৰ্যালয়ত উপস্থিত হৈ এনে অবিবেচকী কাৰ্যৰ ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে। 

ক্ষুব্ধ আৱেদনকাৰী মহিলা সকলে  উত্থাপন কৰা অভিযোগ মতে এই নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটোক এচাম ধুৰন্ধৰ গেৰুৱা নেতাই অবৈধ হস্তক্ষেপ কৰি স্বচ্ছ আৰু নিকা নিযুক্তি ব্যৱস্থাটো জেচমিন দলেৰ জৰিয়তে দুৰ্নীতিৰ পোহাৰ মেলিলে । এই অবৈধ আৰু গেৰুৱাকৰণ প্ৰক্ৰিয়া বাতিল কৰাৰ দাবী জনাই মহিলা সকলে কয় ঢকুৱাখনা গেৰুৱা দলে উন্নয়ন খণ্ডটোক পৈত্রিক সম্পত্তি হিচাবে গণ্য কৰা নিকৃষ্ট কাৰ্য মানি লোৱা নহব আৰু এই পক্ষপাতী নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰি বিধিগত ভাবে  নিযুক্তিৰ ব্যবস্থা কৰিবই লাগিব ।

ইপিনে গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প প্ৰবন্ধক জেচমিন দলেয়ে  সংবাদ মাধ্যমৰ সন্মুখত এই অভিযোগৰ সত্যতা স্বীকাৰ কৰি  বিধায়ক নৱ দলেয়ে প্ৰেৰণ কৰা নাম তালিকাৰ প্ৰথম পৰীক্ষণ কৰি থকা বুলি কৈ বিধায়ক দলেয়ে নিজে এই তালিকা প্ৰস্তুত কৰি  বিভাগলৈ প্ৰেৰণ কৰা  বুলি  স্পষ্টভাৱে জনাই। খণ্ডটোৰ শীর্ষ বিষয়া গৰাকীৰ এই অকপট স্বীকাৰোক্তিৰ বাণীবদ্ধ ৰূপ মজুত আছে "অসমীয়া প্ৰতিদিন"ৰ হাতত । 

দলীয় ভাবে দাখিল কৰা নাম তালিকা পৰীক্ষণৰ পাছতহে বি পি এম দলেয়ে  ভি অ' গোট সমূহে প্ৰেৰণ কৰা তালিকা সমূহ পৰীক্ষণ কৰা হ'ব বুলি জানিবলৈ দি এই অবৈধ নিযুক্তি প্ৰক্ৰিয়াত বি পি এম দলেও যে প্ৰত্যক্ষ ভাবে জড়িত তাক জেচমিন দলেয়ে নিজমুখে স্বীকাৰ কৰাত প্ৰবঞ্চিত মহিলা সকলৰ ক্ষোভৰ সীমা চৰিছে । এগৰাকী চৰকাৰী বিষয়াই ৰাজনৈতিক দল আৰু  ৰাজনীতিকৰ  এজেন্ট হিচাবে  কাম কৰি চৰকাৰী নীতি নিৰ্দেশনা আৰু স্বচ্ছতাক পদপিষ্ট কৰাৰ প্ৰামানিক তথ্য পোহৰলৈ অহাৰ পাছত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এইগৰাকী স্বেচ্ছাচাৰী বিষয়াৰ বিৰুদ্ধে  কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব । উল্লেখ্য যে ক্ষুব্ধ মহিলা সকলে এনে অনিয়মৰ বিৰুদ্ধে ঢকুৱাখনাৰ মহকুমাধিপতিক বিয়লি এক লিখিত অভিযোগ দাখিল কৰিছে ।

আৰু পঢ়ক: উন্নয়নৰ নমুনা! জোনাইত বোকাময় পথত ভূঁই ৰুই প্ৰতিবাদ

assam dhakuakhana