ঘূৰাই পাবলগীয়া ধন আনিবলৈ গৈ সন্ধানহীন মহিলা...

 ঘূৰাই পাবলগীয়া ধন আনিবলৈ গৈ সন্ধানহীন মহিলা...

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি মহকুমাৰ উৰিয়ামঘাট বৰবিলত সংঘটিত হৈছে এই অপহৰণৰ ঘটনা ৷ উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে, বৰ্তমানলৈকে নিৰুদ্দেশ হৈ থকা সংগীতা চাও নামৰ এগৰাকী মহিলাৰ পৰা মুনিন্দ্ৰ শইকীয়াই তামোল বিক্ৰী কৰাৰ নামত বহু ধন লৈছিল। সেই সংক্ৰান্ততেই সংগীতা চাওক যোৱা দেওবাৰে মুনিন্দ্ৰই নিজ গৃহলৈ মাতি পঠাইছল । কিন্তু দেওবাৰে পুৱাই মহিলাগৰাকী মুনিন্দ্ৰৰ ঘৰলৈ যোৱাৰ পিছত বৰ্তমানলৈকে উভতি অহা নাই ।

যাৰ বাবে সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ ইতিমধ্যেই ঘটনা সংক্ৰান্তত উৰিয়ামঘাট থানাত এজাহাৰ দাখিল কৰাৰ চাৰিদিন উকলি যোৱাৰ পিছতো কোনোধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই উৰিয়ামঘাট আৰক্ষীয়ে ৷ আৰক্ষী দুৰ্বল ভুমিকাত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজ ৷

বুধবাৰে আৰক্ষী সন্মুখতে ৰুদ্ৰমূৰ্তি ধৰি ক্ষোভ উজাৰে স্থানীয় মহিলাই ৷ ইফালে বুধবাৰে মুনিন্দ্ৰ শইকীয়াৰ পৰিত্যক্ত বাসগৃহৰ পৰা মহিলাগৰাকীয়ে পৰিধান কৰা কিছু অলংকাৰ উদ্ধাৰ কৰাৰ লগতে দা আৰু হাতুৰীও উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

স্থানীয় ৰাইজ তথা মহিলাগৰাকীৰ স্বামীয়ে সংগীতাক মুনিন্দ্ৰ শইকীয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ তুলিছে ৷ আনহাতে অভিযুক্ত মুনিন্দ্ৰ শইকীয়া আনলাৰ পৰা ফাটি গৈ গঠন হোৱা আদিবাসী পিপুল লিবাৰেচন আৰ্মী চমুকৈ APLA ৰ সদস্য বুলি জানিব পৰা গৈছে ৷ এতিয়া প্ৰশ্ন উঠিছে ধনৰ লেনদেনৰ বিষয়ে ফোনযোগে মাতি নিয়া সংগীতা ক'ত হেৰাল? ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হ'বনে উৰিয়ামঘাট আৰক্ষী ?

 ঘূৰাই পাবলগীয়া ধন আনিবলৈ গৈ সন্ধানহীন মহিলা...
ধেমাজিত যুৱতী নিৰুদ্দেশ, চিন্তিত পৰিয়ালৰলোক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in