/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f3f8bd76-a6ef-447f-8fdc-179b0c2a41bd/iuy.jpg)
ডিজিটেল সংবাদ, গোলাঘাট: মেৰাপানীত একেটা সপ্তাহৰ ভিতৰতে ৰহস্যজনকভাৱে সন্ধানহীন হৈছে দুগৰাকীকৈ মহিলা। যোৱা ২৪ জুলাইত মেৰাপানীৰ ১ নং তৰানী গাঁৱৰ এগৰাকী বোৱাৰী সন্ধানহীন হোৱাৰ পাছত পুনৰ কাছমাৰি অঞ্চলৰ পৰা সন্ধানহীন হৈছে দুই সন্তানৰ এগৰাকী মাতৃ।
১ আগষ্টৰ পৰা ৰহস্যজনকভাৱে কাছমাৰি কাকজান গাঁৱৰ মীনা ভূজেল নামৰ মহিলাগৰাকী সন্ধানহীন হৈ থকাত এতিয়া গভীৰ চিন্তাত পৰিছে পৰিয়ালবৰ্গ। স্বামী কৰ্মসূত্ৰে কেৰালাত থকা মহিলাগৰাকী দুটা সন্তানৰো মাতৃ।
যোৱা ১ আগষ্টত সমীপৰে বান্ধৱীৰ ঘৰলৈ যাঁও বুলি ওলাই যোৱা মীনা ভূজেল আজি পৰ্য্যন্ত উভতি অহা নাই নিজ ঘৰলৈ। ইফালে মাতৃ এনেদৰে নোহোৱা হৈ পৰাত চকুলোৰে বাট নেদেখা হৈছে সন্তান দুটিয়েও।
পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত ইতিমধ্যে বহু বিচাৰ খোছাৰ কৰিও অদ্যপি সন্ধান উলিওৱাব পৰা নাই মীনা ভূজেলৰ। মহিলাগৰাকীৰ নিৰূদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে মেৰাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। কোনো সদাশয় লোকে মীনা ভূজেলৰ সম্ভেদ পালে ৯৩৬৫২৫২৮৯২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে চিন্তিত পৰিয়ালবৰ্গই।
Also Read: নীল আৰ্মষ্ট্ৰঙৰ জন্মদিনতেই চন্দ্ৰত 'চন্দ্ৰযান-৩'...