/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/20170622-a076-499a-be53-4b07f252b548/missing.jpg)
ডিফলু নদী
ডিজিটেল সংবাদ, বোকাখাত: বোকাখাতৰ সমীপৰ ডিফলু চাহ বাগিছাৰ ডিফলু নদীত নিৰুদ্দেশ হৈছে ভাৰতী ভুমিজ নামৰ এগৰাকী মহিলা। ডিফলু নদীৰ ওলমা দলঙৰ সমীপতে সংঘটিত হৈছে এই ঘটনা। লগৰীয়াৰ সৈতে বাগানত কাম কৰিবলৈ যোৱা মহিলা গৰাকীয়ে লগৰ পাঁচ গৰাকী মহিলাৰ সৈতে নদী পাৰ হওঁতেই ডিফলু নদীৰ সোঁতে কেউগৰাকীকে উটুৱাই নিয়ে।
স্থানীয় পিন্টু তাঁতী নামৰ যুৱক জনে নিজৰ প্ৰাণকো তুচ্চ কৰি পানীত জপিয়াই মহিলা ৫ গৰাকীক উদ্ধাৰ কৰে যদিও ভাৰতী ভুমিজ পানীত ডুবি নিৰুদ্দেশ হয়। ঘটনাৰ পিচতেই স্থানীয় লোকে নদীৰ পানীত নিৰুদ্দেশ হোৱা ভাৰতী ভুমিজৰ সন্ধানত আভিযান আৰম্ভ কৰে।
ঘটনাৰ খবৰ পোৱাৰ পিচত বোকাখাতৰ এটি আৰক্ষীৰ দল আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলগৈ ঘটনাস্থলীত উপস্থিত হয় আৰু নিৰুদ্দেশ ভাৰতী ভুমিজৰ সন্ধানত ডিফলু নদীত অভিযান আৰম্ভ কৰে। এই প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে ভাৰতী ভুমিজৰ কোনো সন্ধান পোৱা নাই অভিযানকাৰী দলে
ডিফলু নদী পাৰ হোৱাৰ সময়তেই পানীত ডুবি মহিলা গৰাকী নিৰুদ্দেশ হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।