/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/089c81da-388b-4725-b094-e50d470cd729/buyuy.jpg)
ডিজিটেল ডেস্কঃ বহিঃৰাজ্যত সন্ধানহীন গুৱাহাটীৰ এগৰাকী মহিলা। মহিলাগৰাকীক বিক্রী অথবা হত্যা কৰাৰ সন্দেহ কৰিছে ভাতৃয়ে।
বিগত এমাহ ধৰি সন্ধানহীন হৈ আছে কুঞ্জলতা দাস ওৰফে আৰিয়া বেগম। ৫ বছৰ পূৰ্বে চাবিৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰিয়া। এমাহ পূৰ্বে চাবিৰৰ সৈতে বাংগালুৰুলৈ গৈছিল মহিলাগৰাকী।
তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে আৰিয়া। ইতিমধ্যে ঘটনা সন্দৰ্ভত মহানগৰীৰ লতাশিল থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰলোকে। তাৰপাছতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে চাবিৰ আলীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Also Read: আহিছিল চুৰি কৰিবলৈ, একো নাপাই এৰি গ'ল ৫০০ টকীয়া নোট