/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/boko-3.jpg)
ডিজিটেল সংবাদ বকো : কামৰূপ জিলাৰ বকোত শনিবাৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা অহা আৰক্ষীৰ দল এটাই পৰিয়াল এটাৰ মহিলা এগৰাকীক সোধা-পোছা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিবপৰা মতে বকো থানা আৰু মন্দিৰা পহৰা চকীৰ অন্তৰ্গত ঘিলাবাৰী নামৰ গাঁও এখনৰ মহিলা এগৰাকীয়ে একেখন গাঁৱৰ প্ৰাক্তন সেনা বিষয়া লাৱণ্য প্ৰসাদ মজুমদাৰৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ তুলি যোৱা ২৯ জুলাইত প্ৰাক্তন সেনা বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
মহিলাগৰাকীক যোৱা ২৭ জুলাইৰ নিশা প্ৰায় ১ বজাত মহিলাগৰাকীৰ স্বামী নথকাৰ সুযোগ গ্ৰহণ কৰি তেওঁৰ ঘৰৰ দুৱাৰৰ খিল ভাঙি প্ৰৱেশ কৰি অশালীন ব্যৱহাৰ কৰা বুলি উল্লেখিত মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছিল । মহিলাগৰাকীৰ ঘৰৰ কাষত থকা পৰিয়াল এটাৰ মাটি-বাৰীক কেন্দ্ৰ কৰি প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে কাজিয়া-পেচাল কৰি থকাৰ সময়ত মহিলাগৰাকীৰ স্বামীয়ে বাধা দিওঁতেই খৰ্গহস্ত হৈ নিশা মহিলাগৰাকীক এনেদৰে প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে ।
ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীয়ে প্ৰাক্তন সেনা বিষয়াগৰাকীৰ বিৰুদ্ধে দিয়া এজাহাৰৰ ভিত্তিত গোচৰ এটা পঞ্জীয়ন কৰিছে । মহিলাগৰাকীয়ে দিয়া গোচৰটোৰ সন্দৰ্ভত বকো আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে আজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা মহিলা আৰক্ষীসহ চাৰিজনীয়া আৰক্ষীৰ দলটোৱে মহিলাগৰাকীৰ বকো ঘিলাবাৰীস্থ ঘৰলৈ আহি মহিলাগৰাকীক সোধা-পোছা কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰক্ষী বিষয়া হবিবুৰ ৰহমানৰ নেতৃত্বত অহা মহিলাসহ চাৰিজনীয়া দলটোৱে মহিলাগৰাকীক ঘৰৰ ভিতৰত গোপনীয়তা ৰক্ষা কৰি সোধা-পোছা কৰিছে । অৱশ্যে প্ৰাক্তন সেনা বিষয়া লাৱণ্য প্ৰসাদ মজুমদাৰৰ সৈতে অভিযোগ দাখিল কৰা মহিলাগৰাকীৰ স্বামীৰ এখন ভান গাড়ীত গেছৰ চিলিণ্ডাৰ লগাই বকোৰ চুকুনীয়াপাৰাৰ পৰা হেকৰালৈকে চলোৱাক ঘটনাক কেন্দ্ৰ কৰি কাজিয়া-পেচাল হোৱাৰ বিষয়ে সোধা-পোছা কৰা বুলি সূত্ৰ এটাই প্ৰকাশ কৰিছে।