/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-new-format-copy-21.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ জিলা পুথিভড়ালত আয়োজিত বানৰ ফলত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য প্ৰদানৰ বাবে আয়োজিত সভাত ঘটিল অথন্তৰ ৷ সভালৈ কৃষিমন্ত্ৰী অতুল বৰা সময় মতে নহাৰ বাবে ঘটে এই অথন্তৰ ৷ মন্ত্ৰী বৰা চৰকাৰী সূচীত সময় মতে উপস্থিত নথকাৰ বাবে গৰমত বোন্দাপৰ দি একাধিক লোক শাৰিৰীক ভাৱে সমস্যাত পৰাৰ লগতে এগৰাকী মহিলা অচেতন হৈ মজিয়াত বাগৰি পৰে ৷
অচেতন হৈ মহিলাগৰাকী জিলা পুভিভঁড়ালৰ মজিয়াত বাগৰি পৰাত হাহাকাৰ লাগে সভাস্থলীত ৷ উৎকট গৰমৰ বাবে অচেতন হৈ বাগৰি পৰা মহিলাগৰাকীক সভাত উপস্থিত লোকে লগে লগে ডাঙি সভাগৃহৰ বাহিৰলৈ নি পিছত এখন গাড়ীৰে চিকিৎসালয়ত ভৰ্তি কৰোৱাব লগা হয় ৷ মন্ত্ৰীলৈ বোন্দাপৰ দি সভাস্থলীত অচেতন হৈ মজিয়াত বাগৰি পৰা ৬২ বছৰীয়া মহিলা গৰাকীৰ নাম হৈছে আফিয়া খাতুন ৷ বৰ্তমান চিকিৎসাধীন হৈ থকা খাতুনৰ ঘৰ কছুৱাত ৷
বিশেষকৈ নগাঁও জিলাত বানত ঘৰৰ ক্ষতিসাধন হোৱা ১৫ হাজাৰ ২০০ শ হিতাধিকাৰীক সাহাৰ্য প্ৰদানৰ অৰ্থে সভাখন পুথিভড়ালটোত আয়োজন কৰিছিল নগাঁৱৰ জিলা প্ৰশাসনৰ ৰাজহ বিভাগে ৷ ৰাজহ বিভাগৰ দায়িত্বত থকা উদয়াদিত্য গগৈয়ে মন্ত্ৰী আহিব বুলি দিনৰ দহবজাতে হিতাধিকাৰীসকলক সভাস্থলীলৈ আনি সমবেত কৰিছিল ৷ ৰাজহ বিভাগৰ দায়িত্ব থকা উন্নয়ন আয়ুক্ত গগৈয়ে নগাঁৱৰ জনসংযোগ বিভাগক পত্ৰ প্ৰেৰন কৰি মন্ত্ৰী অতুল বৰা দিনৰ ১১-৩০ বজাত সভালৈ আহিব বুলি জনাইছিল ৷
ইফালে হিতাধিকাৰীসকলক সভালৈ দহ বজাৰ পিছতে অনোৱাইছিল ৷ কিন্তু নিৰ্দিষ্ট সময়ত মন্ত্ৰী সভাগৃহত উপস্থিত নহ'ল ৷ সভাগৃহত বহি বহি হিতাধিকাৰীসকল আমনিও লাগিল ৷ ইফালে উৎকট গৰম ৷ পুথিভড়ালৰ শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰও বন্ধ কৰি ৰখা আছে ৷ বিদ্যুতৰ লুকা-ভাকু ৷ দিনৰ ১ বজালৈকে মন্ত্ৰী অহাৰ কোনো খবৰ নাই ৷ পুৱাতে মন্ত্ৰী আহিব লগা চৰকাৰী সভালৈ অহা লোক সকলৰ বাবে তেতিয়াও কোনো খোৱা বোৱাৰ ব্যৱস্থা কৰা নাছিল আয়োজকে ৷ ইয়াৰ মাজতে অসুস্থ হৈ মজিয়াত অচেতন হৈ বাগৰি পৰে ৬২ বছৰীয়া আফিয়া খাতুন ৷
এই ঘটনাৰ কিছু সময়ৰ পিছতে অৱশ্যে কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হয় নগাঁও জিলা পুথিভড়ালত ৷ মন্ত্ৰী বৰাৰ উপস্থিতিৰ পিছতে ৰাজহ বিভাগে আৰম্ভ কৰে সাহাৰ্য বিতৰনৰ সভাখন ৷ সভাত সম্পূৰ্ন ৰূপে বিধস্ত হোৱা ৩৭৮ টা ঘৰৰ হিতাধিকাৰীৰ মাজৰ পাঁচজনক ৯৫ হাজাৰ ১০০ টকাকৈ প্ৰতীকি চেক প্ৰদান কৰে ৷
আৰু পঢ়ক: বন্দুক দেখুৱাই হোটেলৰ কৰ্মচাৰীক মাৰপিট জিম প্ৰশিক্ষকৰ